ETV Bharat / state

পদ-পথৰ পৰিত্যক্ত অৱস্থাত থকা দেৱালত চিত্ৰ অংকণত ব্যস্ত এদল যুৱক - ৰাইজৰ দৃষ্টি আকৰ্ষণ

পদ-পথৰ কাষত পৰিত্যক্ত অৱস্থাত থকা দেৱাল সমূহত চিত্ৰ অংকনত ব্যস্ত হৈ পৰিছে এদল যুৱক। ৰং-তুলিকাৰে ৰাস্তা কাষৰ দেৱাল সমূহ সজাই তোলাৰ প্ৰয়াস কৰিছে যুৱকৰ দলটোৱে ৷ সম্প্ৰতি চিত্ৰ কলাৰ সৈতে জড়িত লিডুৰ একাংশ যুৱক একত্ৰিত হৈ অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰিত্যক্ত দেৱাল সমূহত এনেদৰে চিত্ৰ অংকণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

পদ-পথৰ পৰিত্যক্ত অৱস্থাত থকা দেৱালত চিত্ৰ অংকনত ব্যস্ত এদল যুৱক

author img

By

Published : Feb 4, 2021, 12:14 PM IST

মাৰ্ঘেৰিটা,4 ফেব্ৰুৱাৰীঃ লিডুত এদল যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস ৷ পথৰ কাষৰ দেৱাল সমূহত চিত্ৰ অংকণৰে স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰিছে যুৱকৰ দলটোৱে ৷ প্ৰৱল ইচ্ছাশক্তি আৰু সৱল মানসিকতাই জন্ম দিয়ে একোজনকৈ সফল ব্যক্তিৰ । কাম যি মানেই সৰু বা ডাঙৰ নহক কিয় সৎ উদ্দেশ্য আগত ৰাখি কৰা যিকোনো কামেই সমাজৰ বাবে হৈ পৰে প্ৰশংসনীয়। তেনে এক কামেই কৰিছে লিডুৰ এদল উদ্যমী যুৱকে ।

পদ-পথৰ পৰিত্যক্ত অৱস্থাত থকা দেৱালত চিত্ৰ অংকণত ব্যস্ত এদল যুৱক
উল্লেখযোগ্য যে, পদ-পথৰ কাষত পৰিত্যক্ত অৱস্থাত থকা দেৱাল সমূহত চিত্ৰ অংকনত ব্যস্ত হৈ পৰিছে এদল যুৱক। ৰং-তুলিকাৰে ৰাস্তা কাষৰ দেৱাল সমূহ সজাই তোলাৰ প্ৰয়াস কৰিছে যুৱকৰ দলটোৱে ৷ সম্প্ৰতি চিত্ৰ কলাৰ সৈতে জড়িত লিডুৰ একাংশ যুৱক একত্ৰিত হৈ অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰিত্যক্ত দেৱাল সমূহত চিত্ৰ অংকণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে উদ্যমী যুৱকৰ দলটোৱে “ইয়ং পেইন্টাৰ চ’চাইটি” নামে এটা সন্থা খুলি লিডু অঞ্চলৰ পৰিত্যক্ত দেৱাল সমূহত অসমৰ কৃষ্টি সংস্কৃতি তথা পৰম্পৰা সমূহক উপস্থাপন কৰি আহিছে । ৰং-তুলিকাৰে ঐতিহ্যমণ্ডিত ৰংঘৰ-কাৰেংঘৰৰ লগতে শক্তিপীঠ কামাখ্যা মন্দিৰ,অসমীয়াৰ পৰিচয় গামোছা,জাপি, ঢোল ইত্যাদিৰ লগতে অসম সম্পদ এশিঙীয়া গড়ক সুন্দৰভাৱে অংকন কৰি ৰাইজৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.