তিনিচুকীয়া,26ফেব্ৰুৱাৰী: মাৰ্ঘেৰিটাৰ নংলাই ২নং কুঁহিয়াৰ বাৰী অঞ্চলৰ এটি পৰিয়াললৈ নামি আহিছে অমানিশা ৷ অঞ্চলটোৰ বাসিন্দা ৰাজা লিম্বু নামৰ লোকজনৰ বিকল হৈ পৰিছে দুয়োটো বৃক্ক ৷ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটিক এতিয়া প্ৰয়োজন চৰকাৰ আৰু হৃদয়বান ৰাইজৰ সহায়ৰ ৷
উল্লেখ্য যে, কুঁহিয়াৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা ৰাজা লিম্বুই জানুৱাৰী মাহত অসুস্থ হৈ পৰিছিল ৷ ডিব্ৰুগড়ত স্বাস্থ্য পৰীক্ষা কৰি পোহৰলৈ আহিছিল দুয়োটা বৃক্ক বিকল হোৱাৰ কথা ৷ তেতিয়াই উন্নত চিকিৎসাৰ বাবে ৰাজা লিম্বুই কলকাতালৈ গৈছিল যদিও ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি নিজ ঘৰলৈ উভতি আহিবলগীয়া হয়৷ ২বছৰীয়া এটি শিশুৰ পিতৃ ৰাজা লিম্বুৰ দুয়োটা বৃক্ক সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ লিম্বুক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন প্ৰায় 25 লাখ টকাৰ ৷ যাৰ বাবে দৰিদ্ৰ পৰিয়ালটিয়ে এতিয়া সহায় বিচাৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সদাশয় ব্যক্তিৰ ওচৰত ৷ যদি কোনো সদাসয় ব্যক্তিয়ে দৰিদ্ৰ পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে 8011127867 নম্বৰত যোগাযোগ কৰিব পাৰে ৷
অন্যথা, Bank Account SBI Margherita Branch,
A/c No: - 31664101708
IFSC Code: - SBIN0005787
Mobile No:- 8011127867
মাৰ্ঘেৰিটাৰ নংলাই - ২নং কুঁহিয়াৰ বাৰী সহায় আগবঢ়াব পাৰে ৷