মাৰ্ঘেৰিটা,30 মাৰ্চঃ মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ সুশান্ত দে নামৰ ব্যক্তিজনৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ৷ ঘটনাস্থলীত ডিগবৈৰ বিধায়ক সুৰেন ফুকন উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ মাৰ্ঘেৰিটাৰ পৰা যোৱা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে গাড়ীয়ে জুঁই নুমুৱাবলৈ চেষ্টা কৰে যদিও প্ৰায় সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ যায় প্ৰতিষ্ঠানকেইখন ৷
লগতে পঢ়ক-অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে অপ্ৰত্যাশিত প্ৰস্তুতিৰ প্ৰয়োজন