ETV Bharat / state

ফেচবুক প’ষ্টৰ ভিত্তিত নামদাঙত আৰক্ষীৰ তীব্ৰ অভিযান

author img

By

Published : Oct 22, 2019, 10:32 PM IST

অবৈধ ভাৱে কয়লা খনন কৰিবলৈ গৈ মাৰ্ঘেৰিটাৰ নামদাঙত এজন লোকৰ মৃত্য়ু হোৱা বুলি ফেচবুকত প্ৰকাশ হোৱাৰ পাচতেই আৰক্ষীৰ অভিযান ৷

ফেচবুক প’ষ্টৰ ভিত্তিত নামদাঙত আৰক্ষীৰ অভিযান

মাৰ্ঘেৰিটা, 22 অক্টোবৰ: অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলত অবৈধভাৱে কয়লা খনন কৰিবলৈ গৈ এজন লোকৰ মৃত্যু হোৱা বুলি ফেচবুকত প্ৰকাশ পোৱাৰ পাচতেই মাৰ্ঘৰিটা আৰক্ষীৰ তীব্ৰ অভিযান চলে মঙলবাৰে ৷ মাৰ্ঘেৰিটা আৰু পাটকাই পাহাৰত ৰেড হল মাইনিংৰ জৰিয়তে কয়লা খনন আৰু সৰবৰাহৰ অভিযোগে ৰাজ্যত তোলপাৰ লগাই থকা সময়তে নামদাঙৰ দুৰ্গম অঞ্চলত অবৈধ ভাৱে কয়লা খনন কৰিবলৈ গৈ এজন শ্ৰমিক মৃত্যমুখত পৰা বুলি অভিযোগ উত্থাপন হৈছিল। মাৰ্ঘেৰিটা কংগ্ৰেছ নামৰ একাউণ্টৰ পৰা Facebookত প’ষ্ট শ্বেয়াৰ কৰি এই অবৈধ খনন কাৰ্যৰ লগতে অৰুপ পাল,মুনা আহমেদ আদি জড়িত বুলি প্ৰকাশ কৰা হৈছিল।

নামদাঙত আৰক্ষীৰ অভিযান

এই প’ষ্টৰ পিচতেই মঙলবাৰে পুৱাৰে পৰা অসম-অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম নামদাং অঞ্চলকে ধৰি অৰুণাচলৰ আৰধাৰাত মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলায় ৷ এই অভিযানত তেনে কোনো ধৰণৰ ঘটনা ঘটাৰ তথ্য লাভ নকৰে আৰক্ষীয়ে। অৱশ্যে এনেধৰণে অবৈধ ভাৱে কয়লা খনন আৰু সংগ্ৰহ কৰিবলৈ গৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনা নতুন কথা নহয়। সুদীৰ্ঘ বহু বছৰৰ পৰাই পাটকাই পৰ্বতৰ বিভিন্ন স্থানত অসাধু ব্যৱসায়ীয়ে গঢ়ি তোলা অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত কয়লা খনন আৰু সংগ্ৰহ কৰিবলৈ গৈ বহু সাধাৰণ শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এতিয়া কংগ্ৰেছৰ এই প’ষ্টটোৰ বিৰুদ্ধে অৰুপ পাল নামৰ ব্যৱসায়ীজনে আইনৰ কাষ চাপিব বুলি জানিব পৰা গৈছে ৷

Intro:অবৈধ ভাৱে কয়লা খনন কৰিবলৈ গৈ মাৰ্ঘেৰিটাৰ নামদাঙত পুনৰ এজনে  প্ৰাণ হেৰুৱাৰ অভিযোগ ঃ আৰক্ষীয়ে অভিযান  ।

   অসম - অৰুণাচল সীমান্তুবৰ্তী   মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলত আজি পুৱা  অবৈধভাৱে  কয়লা খনন কৰি  সংগ্ৰহ কৰিবলৈ গৈ এজন লোকৰ মৃত্যু  হোৱাৰ গুৰুতৰ অভিযোগ উঠিছিল    । যদিও আৰক্ষীৰ অভিযানত নোলাল কোনো মৃতদেহৰ সম্ভেদ ।

V.O মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অন্ঞ্চলৰ পাটকাই পাহাৰত ৰেড হল মাইনিংৰ জড়িয়তে কয়লা খনন আৰু সৰবৰাহৰ অভিযোগে ৰাজ্য তোলপাৰ লগাই থকা সময়তে নামদাঙৰ দুৰ্গম অন্ঞ্চলত অবৈধ ভাৱে কয়লা খনন কৰিবলৈ গৈ এজন শ্ৰমিকে প্ৰাণ হেৰোৱাৰ অভিযোগ উঠিছে । মাৰ্ঘেৰিটা কংগ্ৰেছে face book ত এই কথা লিখাৰ লগতে অৰুপ পাল, মুনা আহমেদ আদি জড়িত বুলি প্ৰকাশ কৰিছিল । আজি পুৱাৰে পৰা অসম অৰুণাচল সীমান্তবৰ্তী উক্ত দুৰ্গম নামদাং অন্ঞ্চল আৰু অৰুণাচলৰ আৰধাৰাত মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই যদিও তেনে কোনো ঘটনা ঘটাৰ তথ্য লাভ নকৰে । 

V. O এনেধৰণে অবৈধ ভাৱে কয়লা খনন আৰু সংগ্ৰহ কৰিবলৈ গৈ শ্ৰমিকৰ  মৃত্যু হোৱাৰ ঘটনা নতুন কথা নহয় । সুদীৰ্ঘ বছৰৰ পৰা পাটকাই পৰ্বতৰ বিভিন্ন স্থানত অসাধু ব্যৱসায়ীয়ে গঢ়ি তোলা অবৈধ আণ্ডাগ্ৰাউণ্ড মাইনিঙত কয়লা খনন আৰু সংগ্ৰহ কৰিবলৈ গৈ বহু সাধাৰণ শ্ৰমিকে প্ৰাণ হেৰুৱাই আহিছে । বিগত প্ৰায় ১০ বছৰত এনে বহ ঘটনাৰ কথা প্ৰচাৰিত হৈছে। কিন্ত সিংহভাগ ঘটনাই পোহৰলৈ নাহে । সংবাদমাধ্যমত বা বাতৰি প্ৰকাশ পোৱা বা জাতীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ পাছতহে এই দহবছৰে কেইটামান ঘটনাহে পোহৰলৈ আহিছিল । এনে অবৈধ মাইনিং মৃত্যূৰ কিৰিলি হোৱাৰ পাছতো কেৱল পেটৰ তাড়না তথা এই অন্ঞ্চলত  সুদীৰ্ঘ বছৰ ধৰি গঢ় লৈ উঠা চোৰাং কয়লা বেহা নিৰ্ভৰশীল অৰ্থনীতিৰ বাবেই এইদৰে শ শ শ্ৰমিক জড়িত হৈ  আহিছে । অন্যহাতে অৰুপ পাল নামৰ ব্যৱসায়ী জনে কংগ্ৰেছৰ এই পোষ্টটোৰ বিৰুদ্ধে আইনৰ কাষ চাপিব বুলি জানিব পৰা গৈছে ।Body:Byte -মুনীন্দ্ৰনাথ চমুৱা ভাঃ বিষয়া মাৰ্ঘেৰিটা আৰক্ষী থানা Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.