মাৰ্ঘেৰিটা,6 ফেব্ৰুৱাৰীঃ মনত যেতিয়া দৃঢ়তা আৰু আত্মবিশ্বাস থাকে,যি কোনো কৰ্মতে মানুহে সফল হ’ব পাৰে । প্ৰয়োজন মাথো ধৈৰ্য আৰু শক্তিৰ ৷ এনে এজন ব্যক্তি তিনিচুকীয়া জিলাৰ জাগুনৰ অন্তৰ্গত ক’লাপথাৰৰ আদৰ্শ কৃষক বাবু সোণোৱাল ৷ আটোমটোকাৰীকৈ সজা চাংঘৰৰ চৌদিশে এটা প্ৰকাণ্ড এলেকা সম্প্ৰতি সেউজীয়াৰে পৰিপূৰ্ণ । বাবুৱে বছৰি 12 লাখ টকা পৰ্যন্ত অৰ্জন কৰে কৃষিৰ জৰিয়তে ৷
কিন্তু,12 বছৰ পূৰ্বে সোণোৱালৰ কৰ্মক্ষেত্ৰ আছিল সকলোতকৈ পৃথক । হাতত কোৰ,কুঠাৰ,নাঙলৰ পৰিৱৰ্তে আছিল এ.কে-47 ৰ দৰে মাৰণাস্ত্ৰ । বাস কৰিছিল ম্যানমাৰৰ দুৰ্গম অৰণ্যত। বিদ্ৰোহৰ জুইত দগ্ধ হৈ সুদীৰ্ঘ 12 বছৰ কাল সশস্ত্ৰ সংগ্ৰামত জড়িত আছিল প্ৰাক্তন আলফা কেডাৰ বাবু সোণোৱাল । পৰৱৰ্তী সময়ত সোণোৱালৰ মন সলনি হয় ৷ মূলসূঁতিলৈ ঘূৰি আহি আলফা কেডাৰ গৰাকী নিয়োজিত হয় কৃষিকৰ্মত ৷
সোণোৱালৰ এজন পুত্ৰ আৰু এগৰাকী জীয়ৰী আছে। জীয়ৰী গৰাকী পেচাত বক্সিং খেলুৱৈ ৷ বিপৰীতে 2018 চনত পুত্ৰ মাধৈৰ্য সোণোৱালে পিতৃয়ে এসময়ত ত্যাগ কৰা পথকে বাছি লয়। বাবু সোণোৱালৰ মতে,অসমীয়া তেজাল ডেকা আবেগিক হৈ এনে পথ বাছি লোৱাতকৈ এনেদৰে কৃষিৰ জৰিয়তেও স্বাৱলম্বী হৈ সুস্থ জীৱন অতিবাহিত কৰিব পাৰে। এইক্ষেত্ৰত চৰকাৰকো দোষাৰোপ কৰে আদর্শ কৃষকজনে। কেতিয়াবা চৰকাৰৰ ভুল সিদ্ধান্তৰ বাবে বহু যুৱকে এই পথত নামিবলৈ বাধ্য হয় বুলি মন্তব্য কৰে সোণোৱালে। বৰ্তমানৰ নৱপ্ৰজন্মই চাকৰিৰ পিছত দৌৰি নাথাকি কৃষিৰ জৰিয়তে সোণোৱালৰ দৰে স্বাৱলম্বী হৈ এক স্বচ্ছল জীৱন অতিবাহিত কৰিব পাৰে ৷ এইয়া মাথো এক উদাহৰণ