ETV Bharat / state

মাৰ্ঘেৰিটাত 'আছা' ৰ গণ হুংকাৰ কাৰ্যসূচী - margherita

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১-৩৩ টকালৈ বৃদ্ধি আদি বিভিন্ন দাবীত অনুষ্ঠিত এই গণ অভিৱৰ্তনস্থলী জন সমুদ্ৰলৈ পৰিণত হোৱা পৰিলক্ষিত হয় ।

margherita-assa-protest
মাৰ্ঘেৰিটাত 'আছা' ৰ গণ হুংকাৰ কাৰ্যসূচী
author img

By

Published : Dec 13, 2020, 5:16 PM IST

মাৰ্ঘেৰিটা, 13 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৰগোলাই ৰাজীৱ গান্ধী খেলপথাৰত দেওবাৰে আছাই গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১-৩৩ টকালৈ বৃদ্ধি আদি বিভিন্ন দাবীত অনুষ্ঠিত এই গণ অভিৱৰ্তনস্থলী জন সমুদ্ৰলৈ পৰিণত হোৱা পৰিলক্ষিত হয় । উত্থাপিত দাবী পূৰণ নকৰিলে বিজেপিক ২০২১ চনৰ নিৰ্বাচনত বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।

margherita-assa-protest
মাৰ্ঘেৰিটাত 'আছা' ৰ গণ হুংকাৰ কাৰ্যসূচী
সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে অংশগ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে, উত্থাপিত দাবীসমূহ পূৰণ নকৰিলে বিজেপিক ২০২১ চনৰ নিৰ্বাচনত বৰ্জনৰ কঠোৰ সিদ্ধান্ত ল'ব । নাগে বছৰ বছৰ ধৰি আদিবাসী সকল শোষিত তথা প্ৰতাৰিত হৈ আহিছে বুলি মত প্ৰকাশ কৰি আদিবাসী সমাজৰ ভোটত জয়ী হৈ মন্ত্ৰী, সাংসদ অথবা বিধায়ক হোৱা সমগোত্ৰীয় সকলেও জনগোষ্ঠীটোৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ নাই কৰা বুলি কৈ ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক: ত্ৰিপুৰাত 800 কিলোগ্ৰাম গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.