মাৰ্ঘেৰিটা,2 মাৰ্চ: বিগত মাহৰ ২৮ তাৰিখে নলবাৰী জিলাৰ কালাগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনক লক্ষ্য কৰি এদল উদণ্ড যুৱকে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ গৰিহণা আৰু নিন্দা কৰিছে সকলোৱে ৷ মঙলবাৰে এই ঘটনাৰ প্ৰতিবাদ জনাই AJP ৰ মাৰ্ঘেৰিটা সমিতিয়ে চাংলাং তিনিআলিৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই ৷
অসমত বিজেপিৰ গুন্দাগিৰি নচলিব, বিজেপি গ'বেক, অসম চৰকাৰৰ হায় হায় আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে আক্ৰমণৰ ঘটনাত জৰিত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে । উল্লেখ্য যে এই প্ৰতিবাদী সমদলক নেতৃত্ব দিয়ে AJPৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱে ।