মাৰ্ঘেৰিটা,9 ফেব্ৰুৱাৰীঃ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ । মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে আছুয়ে ৷
উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ লগতে পেট্ৰ’ল- ডিজেলৰ মূল্য বৃদ্ধিয়ে জনতাক মাধমাৰ সুধাইছে ৷ চৰকাৰ খনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ এই দৰে ৰাজ পথলৈ ওলাই আহি আছুয়ে প্ৰতিবাদ সাৱস্ত্য কৰিছে ৷ অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক সকিয়াই দিয়ে ৷
লগতে পঢ়কঃ অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অধিক অৱনতিঃ চিকিৎসালয়ত ভৰ্তি