ETV Bharat / state

মাৰ্ঘেৰিটাৰ পথাৰত উদ্ধাৰ এটি কন্যা সন্তান

মাৰ্ঘেৰিটাৰ পথাৰত কলপাতত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ নৱজাতক ৷ স্থানীয় লোকে কান্দি থকা অৱস্থাত উদ্ধাৰ কৰে শিশুটি ৷

মাৰ্ঘেৰিটাৰ পথাৰত উদ্ধাৰ এটি কন্যা সন্তান
author img

By

Published : Aug 10, 2019, 12:44 PM IST

মাৰ্ঘেৰিতা,10আগষ্ট :

  • মাৰ্ঘেৰিটাৰ পথাৰত উদ্ধাৰ এটি কন্যা সন্তান
  • কলপাতত মেৰিয়াই পেলাই থৈ যায় কোনো লোকে
  • শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা
  • কেঁচুৱাটিয়ে কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে
  • ঘটনাস্থলীত উপস্থিত মাৰ্ঘেৰিটা আৰক্ষী
  • আৰক্ষীয়ে শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে হাস্পতাললৈ
  • শিশুটিক দুই নং আলোবাৰীৰ নিবাসী চাহিদ আলি আৰু মমতা বেগম নামৰ দম্পত্তি হালে তুলি ল'ব বিচাৰিছে

মাৰ্ঘেৰিটাৰ পথাৰত উদ্ধাৰ এটি কন্যা সন্তান

মাৰ্ঘেৰিতা,10আগষ্ট :

  • মাৰ্ঘেৰিটাৰ পথাৰত উদ্ধাৰ এটি কন্যা সন্তান
  • কলপাতত মেৰিয়াই পেলাই থৈ যায় কোনো লোকে
  • শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা
  • কেঁচুৱাটিয়ে কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে
  • ঘটনাস্থলীত উপস্থিত মাৰ্ঘেৰিটা আৰক্ষী
  • আৰক্ষীয়ে শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে হাস্পতাললৈ
  • শিশুটিক দুই নং আলোবাৰীৰ নিবাসী চাহিদ আলি আৰু মমতা বেগম নামৰ দম্পত্তি হালে তুলি ল'ব বিচাৰিছে
Intro:Pacage---মাৰ্ঘেৰিটাত পথাৰৰ মাজত নৱজাতক কন্যা সন্তান উদ্ধাৰ।

পুনৰ সভ্য সমাজক তথা মানৱতাক লজ্জিত কৰা এটি অমানৱীয় ঘটনা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে।
মাৰ্ঘেৰিটাৰ আলোবাৰী টুলু ইটা ভাটা ৰ সমীপৰ ঘাইপথৰ কাষতে থকা এখন পথাৰৰ মাজত কলপাতত মেৰিয়াই পেলাই থৈ যোৱা অৱস্থাত উদ্ধাৰ হয় এটি সদ্যজাত নৱজাতক কন্যা সন্তান।
এজন অাদিবাসী লোকে সন্তানটোক যোৱা কালি সন্ধিয়া ৬ মান বজাত কান্দি থকা প্ৰত্যক্ষ কৰে। কোনো হৃদয়হীন মাতৃয়ে পেলাই থৈ যোৱা বুলি অনুমান কৰি লগে লগে ৰাইজে মাৰ্ঘেৰিটাৰ আৰক্ষীক খবৰ দিয়ে। তাৰ পাছতেই আৰক্ষীয়ে সন্তানটিক স্বাস্থ্যৰ পৰীক্ষাৰ বাবে মাৰ্ঘেৰিটাৰ চিভিললৈ লৈ আনে।সন্তানটিক বৰ্তমানে শিশু কেয়াৰ ইউনিটত ৰখা হৈছে।উল্লেখ্য যে কন্যা সন্তানটি উদ্ধাৰ হোৱা লগে লগেই সেই স্থানতেই দুই নং আলোবাৰীৰ নিবাসী চাহিদ আলি(পিণ্টু) আৰু মমতা বেগম নামৰ দম্পত্তি হালে সন্তানটিক নিজ সন্তান হিচাপে তুলি লব বিচৰাত গাঁৱৰ ৰাইজক সাক্ষী কৰি দিয়া হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে।সেই সন্তানটিৰ হেঁপাহত সেই মমতা নামৰ মহিলা গৰাকীয়ে ওৰে ৰাতি হস্পিতাল খনতে বহি থাকে ।কিন্তু জিলা আইন সেৱা প্ৰাধিকাৰী অধীনৰ স্থানীয় অদ্ধ আইনী স্বেচ্ছাসেৱকে তথা সংবাদ মাধ্যমে গম পোৱা পাছত এতিয়া চাইল্ড লাইনৰ ৰ লোকক শিশুটিক গতাই দিয়াৰ সিদ্ধান্তত আবেগিক ভাৱে ভাঙি পৰিছে উক্ত সন্তানটিক আঁকোৱালি লোৱাৰ আশাঁত থকাদম্পতি।বৰ্তমান চিকিৎসকে জানিবলৈ দিয়া মতে জন্মৰ কিছু ক্ষণৰ পাছতে এনেদৰে পেলাই থৈ যোৱা সন্তানটিৰ স্বাস্থ্য সুস্থ অৱস্থাত আছে এতিয়া।


Body:Byte-1
Byte-2
Byte-3
Byte-4Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.