মাৰ্ঘেৰিটা, 15 মে' : সমগ্র বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশ জুৰি চলি থকা লক ডাউনৰ মাজতে শুকুৰবাৰে মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত বিগত ৩৬ সংখ্যক বহাগী উৎসৱ ভাগ চৰকাৰৰ নিৰ্দেশনা অনুসৰি পৰম্পৰা ৰক্ষা কৰি পতাকা উত্তোলনেৰে উদযাপন কৰা হয় | কেৱল মাৰ্ঘেৰিটাৰে নহয়, ৰাজ্যৰ ভিতৰতে লেখত লব লগীয়া বিহু হিচাপে পৰিগণিত এই বহাগী উৎসৱ টাউন হাইস্কুল খেল পথাৰৰ বিনু চেতিয়া সোঁৱৰণী মঞ্চত ১৯৮৪ চনৰ পৰা উদযাপিত হৈ আহিছে । সমগ্র মাৰ্ঘেৰিটাবাসীয়ে আগ্রহেৰে অপেক্ষা কৰি থকা এই বিহু খন কৰ‘ণা ভাইৰাছৰ বাবে বাতিল কৰিলেও আজি সামাজিক দূৰত্ব বজাই ৰাখি কেৱল আনুষ্ঠানিকতা পালন কৰা হয় |
শুকুৰবাৰে পুৱা বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সীমান্ত মাধৱ কটকীয়ে আৰু দিচেন টিপমীয়াই স্মৃতি তৰ্পণ কৰে । পতকা উত্তোলন কৰি সীমান্ত মাধৱ কটকীয়ে ভাষণ প্রসংগত কয় যে ১৯৮৪ চনৰ পৰা উদযাপিত হৈ অহা বিহু খন বৰ্তমান পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে ৰাইজক সতৰ্ক আৰু সজাগ হৈ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলিবলৈও আহ্বান জনায় ।
লগতে পঢ়ক : ডাঃ ভৱজ্যোতি বৰাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ