তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰী: ক’ত আছে প্ৰাঞ্জল (Laborer missing in Ledu coal mine) ? আজি ডেৰমাহে ধৰি প্ৰাঞ্জলৰ অপেক্ষাত চকুলো টুকিছে পৰিয়ালে ৷ কিন্তু এতিয়াও যেন চকু মুদা কুলিৰ ভাও ধৰিছে ৰজাঘৰীয়াই (Pranjal Moran Missing case) ৷ বুধবাৰে পুনৰ তিনিচুকীয়াৰ প্ৰেছ ক্লাবত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভাই এখন সংবাদমেল সম্বোধন (AMSU Press meet on Pranjal Moran) কৰে ৷
সংবাদমেলত তেওঁলোকে কয়, "প্ৰাঞ্জল মৰাণ কয়লাখনিত কাম কৰিবলৈ গৈ আজিলৈ নিৰুদ্দেশ হৈ আছে ৷ প্ৰাঞ্জল মৰাণ জীৱিত নে মৃত সেই কথা অতি শীঘ্ৰেই ঘোষণা কৰিব লাগে আৰু যদি তেওঁৰ মৃত্যু হৈছেও গোটেই তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে ৷ আৰক্ষী প্ৰশাসনে যদিহে গ্ৰেপ্তাৰ কৰিছে তেনেহ’লে সেইটো ৰাজহুৱা কৰিব লাগে ৷ প্ৰাঞ্জল মৰাণৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে, সংস্থাপন দিব লাগে ৷"
ইয়াৰ লগতে সংবাদমেলখনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে কয় যে, এই সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতি অতি ৰহস্যজনক ৷ চৰকাৰ, জিলা প্ৰশাসন, ক’ল ইণ্ডিয়াই গুৰুত্বসহকাৰে দায়িত্ব নোলোৱা যেন অনুভৱ হৈছে ৷ প্ৰাঞ্জল মৰাণ জীৱিত আছে নে মৃত্যু হ’ল সেয়াও অৱগত কৰা নাই জিলা প্ৰশাসনে, সেয়া জিলা প্ৰশাসনে স্পষ্ট কৰিব লাগে ৷ আনহাতে, লিডুৰ কয়লাখনি পৰিদৰ্শন কৰাৰ সময়ত আৰক্ষীয়ে মৃত্যু হ’ল বুলি জনাইছে ৷ মৃত্যু হোৱা স্থান দেখাইছিল ৷ যদিহে মৃত্যুয়েই হ’ল তেন্তে মৃতদেহ উদ্ধাৰ কৰক আৰু পৰিয়ালৰ হাতত গতাই দিয়ক ৷
সমান্তৰালভাৱে মৃত্যুৰ লগত সম্পৰ্ক থকা লোকসকলক গ্ৰেপ্তাৰ কৰক, আজি পৰ্যন্ত এজাহাৰত নাম সন্নিৱিষ্ট কৰাসকলক গ্ৰেপ্তাৰ নকৰাটো দুৰ্ভাগ্যজনক ৷ যদিহে গ্ৰেপ্তাৰ কৰিছে, তেন্তে এই ঘটনাৰ স’তে জড়িত আৰক্ষীয়ে কাক কাক গ্ৰেপ্তাৰ কৰিলে ৰাজহুৱা কৰক ? জিলা প্ৰশাসনে যদি মৃত্যু হোৱা নাই, জীৱিত অৱস্থাত আছে তেন্তে ঘূৰাই দিয়ক আৰু মৃত্যু হ’ল যদি মৃতদেহ দিয়ক ৷ গতিকে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ক্ষিপ্ৰগতিৰে সমাধান কৰক ৷ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে বিহিত ব্যৱস্থা লওক ৷
ইফালে শেহতীয়াকৈ সামাজিক মাধ্যমত কয়লা মাফিয়াৰ স’তে সদৌ মৰাণ ছাত্ৰ সন্থাই প্ৰাঞ্জলৰ ঘটনাৰ লগত জড়িত তিনি কোটি টকাৰ লেনদেনৰ কথা সৰ্বত্ৰে চৰ্চিত হোৱাৰ কথা নস্যাৎ কৰি সংগঠনটোৰ সভাপতি নৱ মৰাণে কয়, ‘‘মৰাণ ছাত্ৰ সন্থাই কেতিয়াও কোনো টকা পইচাৰ লেনদেনৰ কথা পতা নাই ৷ মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগোষ্ঠীক আঁৰত ৰাখি তেনে কাম নকৰে ৷ একাংশ লোকে মৰাণ ছাত্ৰ সন্থাৰ বিৰুদ্ধে আঙুলি টোঁৱাইছে ৷ এনেদৰে এটা সংগঠনৰ ওপৰত আঙুলি নোটোঁৱাবলৈ সকীয়নি প্ৰদান কৰিছোঁ ৷ যদিহে কোনোৱে তিনি কোটি টকা দিয়াৰ কথা জানে তেন্তে পৰিয়ালক সেয়া দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷’’
ইফালে সংবাদমেলখনত সভাপতিগৰাকীয়ে কয় যে, ১৭ ফেব্ৰুৱাৰীৰ পৰা তিনিদিন মাকুমত কয়লাৰ সৰবৰাহ সম্পূৰ্ণ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৷ গণতান্ত্ৰিক সংগঠন হিচাপে গণতান্ত্ৰিকভাৱে আন্দোলন গ্ৰহণ কৰা হৈছে ৷
উক্ত সংবাদমেলখনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, উপ সভাপতি পলিন্দ্ৰ বড়া, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে মৃদুল দহোতীয়া, বিৰাজ মৰাণ উপস্থিত থকাৰ বিপৰীতে কিছু পলমকৈ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া আৰু সাধাৰণ সম্পাদক বিতুপন মৰাণো উপস্থিত হয় ৷
লগতে পঢ়ক: AMSU protest in Tinsukia: প্ৰাঞ্জল মৰাণৰ সন্ধানৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ