ETV Bharat / state

তালাপত বিবাহিত যুৱকৰ কামনাৰ বলি শিশু

তিনিচুকীয়াৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত বালিয়নী গাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ এজন বিবাহিত যুৱকৰ কামনাৰ বলি হ’ল এটি 6 বছৰীয়া শিশু ৷

as_sadiya_man-rapes-6-years-old-at-talap
তালাপত বিবাহিত যুৱকৰ কামনাৰ বলি 6 বছৰীয়া শিশু
author img

By

Published : Mar 6, 2021, 9:27 AM IST

শদিয়া,6 মাৰ্চ: তিনিচুকীয়াৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত বালিয়নী গাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ এজন বিবাহিত যুৱকৰ কামনাৰ বলি হ’ল 6 বছৰীয়া শিশু ৷ বালিয়নী গাঁৱৰ বিতুপন সোণোৱাল নামৰ যুৱকজনে কাষৰীয়া ন-ধাদুম গাঁৱৰ 6 বছৰীয়া এটি শিশুক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ২৭ ফেব্ৰুৱাৰীৰ নিশা ঘৰলৈ আলহী হিচাপে অহা শিশুটিৰ ওপৰত যৌন আতিশয্য চলাইছিল অভিযুক্ত বিতুপনে ৷ এই দুস্কাৰ্য সংঘটিত কৰি ঘটনাটো গাপ দিব বিচাৰিছিল অভিযুক্ত সোণোৱালে ৷ কিন্তু শিশুটোৱে কিছু অস্বাভাৱিক আচৰণ কৰাৰ উপৰিও জ্বৰত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে চিকিৎসকৰ ওচৰলৈ নিয়াতহে প্ৰকৃত ঘটনাটো পোহৰলৈ আহে ৷ ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে আটক কৰে অভিযুক্ত বিতুপন সোণোৱালক ৷

লগতে পঢ়ক- পৰমানন্দ ৰাজবংশীক সমৰ্থকৰ উস্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.