তিনিচুকীয়া,26 ছেপ্তেম্বৰঃ ডিগবৈ গোপনাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু ৷ গোপনাৰী ১নং অসমীয়া গাঁৱত অৱস্থিত পাটকাই ৰিজ’ৰ্টত কৰ্মৰত মংগল ওৰাং নামৰ কৰ্মচাৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱতি লয় ৷ তেখেতক ৰিজৰ্টৰ অন্যান্য় কৰ্মচাৰীসকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মংগল ওৰাঙক ৷ ইয়াৰ পিছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ডিগবৈ আৰক্ষীয়ে ৷
আনহাতে, কৰ্তব্যৰত অৱস্থাতে মঙল ওৰাঙৰ মৃত্যু হোৱা বাবে তেখেতৰ পৰিয়ালবৰ্গৰ ভৰণ পোষণৰ ব্যৱস্থা ৰিজৰ্টৰ স্বত্বাধিকাৰী তথা আলোচনাপন্থী আলফা নেতা জিতেন দত্তক লোৱাৰ বাবে দাবী উত্থাপন কৰে আটছা আৰু আদিবাসী ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক-সজাগতাৰ প্ৰয়াসেৰে প্ৰত্যয়ৰ যাত্ৰা