ETV Bharat / state

সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ

মাগুৰি মতাপুং বিললৈ নামি আহিছে কাল অমানিশা । দিনক দিনে কমি আহিছে বিলখনত বিভিন্ন প্ৰজাতিৰ মাছৰ সংখ্যা। পৰিভ্ৰমী পক্ষীৰ বিচৰণ ভূমি মাগুৰি মতাপুং বিললৈ এইবাৰ কম পৰিমাণে আগমন ঘটিছে বিদেশী পক্ষীৰ ।

author img

By

Published : Nov 14, 2020, 2:24 PM IST

Updated : Nov 14, 2020, 2:33 PM IST

baghjaan fire
baghjaan fire

তিনিচুকীয়া, 14 নবেম্বৰ : আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত মাগুৰি মতাপুং বিল । শীতৰ আগমনৰ লগে লগেই বিলখনলৈ আগমন ঘটে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰেই নানা ৰঙী চৰাইয়ে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে মাগুৰি মতাপুং বিলত । তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ১০-১১ কিলোমিটাৰ নিলগত অৱস্থিত এই বিলখনৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ উপভোগ কৰিবলৈ প্ৰতিবছৰে আগমন ঘটে দেখি বিদেশী পৰ্যটকৰ । এইবাৰ বাঘজন তৈলখাদৰ অগ্নিকাণ্ডৰ বাবে বিলখনৰ যথেষ্ট প্ৰভাৱ পৰিছে । যাৰ বাবে বিগত বৰ্ষসমূহতকৈ কিছু হ্ৰাস পাইছে পক্ষীৰ আগমন ।

baghjaan fire
মাগুৰি মতাপুং বিল

আজিও জ্বলি আছে অভিশপ্ত বাঘজানৰ জুই । ১৭১ দিন পাৰ হ’ল, জুই নিৰ্বাপনৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা চলাই আছে যদিও সফল হোৱা নাই অইল কৰ্তৃপক্ষ । বাঘজান BGR 5 No তৈলখাদত সংঘটিত হোৱা ঘটনাৰ ফলত প্ৰভাৱত পৰিছে বিখ্যাত ডিব্ৰু-ছৈখোৱা,মাগুৰি মতাপুং বিল আৰু বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ৷ বাঘজান, নতুন ৰঙাগড়া, বাৰেকুৰীৰ অঞ্চলৰ কৃষিভূমিৰ লগতে চাহ বাগিছা, তামোল-নাৰিকলৰ বাগান আদিত প্ৰভাৱ পৰিছে এই জুইৰ ৷

সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ

উল্লেখ্য যে,বাঘজান BGR 5 No তৈল খাদৰ বিস্ফোৰণৰ পাচত মাগুৰি মতাপুং বিলৰ বিভিন্ন চৰাই-চিৰিকতি, মাছ-কাছ, শিহু আদিকে ধৰি বিভিন্ন জীৱ-জন্তুৰ মৃত্যু মুখত পৰিছে ।বাঘজান, বাৰেকুৰী, নতুন ৰঙাগড়া, মতাপুং, হাতীবাট আদি অঞ্চলৰ লোকৰ জীৱিকাৰ পথ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে । যিসকল লোকে মাগুৰি বিলত মাছ মাৰি জীৱন নিৰ্বাহ কৰি আহিছিল সেয়াও আজি শেষ হোৱাৰ উপক্ৰম হৈছে । ক্ষতিপূৰণ বাবদ ৰাইজে কিছু পৰিমাণৰ আৰ্থিক সাহাৰ্য পাইছে যদিও সম্পূৰ্ণ ৰূপে বিনষ্ট হৈ পৰিছে অঞ্চলটোৰ জন জীৱনৰ থল ।

baghjaan fire
আজিও জ্বলি আছে অভিশপ্ত বাঘজানৰ জুই

লগতে পঢ়ক : বৰাক-ব্ৰহ্মপুত্ৰৰ খননত সংঘটিত বিয়াগোম কেলেংকাৰী

Last Updated : Nov 14, 2020, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.