নিউজ ডেস্ক,21 নৱেম্বৰ : আছু ত্যাগ কৰিলে লুৰিণ জ্যোতি গগৈয়ে ৷ দুলীয়াজানত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনত এই কথা ঘোষণা কৰিলে সাধাৰণ সম্পাদক গৰাকীয়ে ৷ 2015 চনত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল লুৰিণ জ্যোতি গগৈ ৷ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অৱসৰৰ কথা ঘোষণা কৰি আবেগিক হৈ পৰিল সাধাৰণ সম্পাদক গৰাকী ৷ নিজৰ ভাষণত লুৰিণ জ্যোতি গগৈয়ে কয় যে,"মই নিজৰ বাবে এই সিদ্ধান্ত লোৱা নাই, অসম আৰু অসমীয়া জনজীৱনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ অসমীয়া জাতিয়ে সদায় মোক নজৰত ৰাখিব" ৷
পৰৱৰ্তী সময়ত লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগ দি প্ৰত্যক্ষ ৰাজনীতিত জড়িত হ'ব বুলিও বহুতে আশা প্ৰকাশ কৰিছে ৷ সাধাৰণ সম্পাদক গৰাকীয়ে আছুৰ মজিয়াৰ পৰা গৈ কি পদক্ষেপ লয় সেয়া অৱশ্যেই লক্ষণীয় হ'ব ৷
উল্লেখ্য যে, আছু ত্যাগৰ কথা ইতিমধ্য বাৰাম্বাৰ কৈ আছে মুখ্যউপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যইও ৷ অৱশ্যে আছুৰ সদস্যসকলে মানি ল'ব খোজা নাই সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ পদ ত্যাগৰ প্ৰস্তাৱক ৷ শনিবাৰে নিশাৰ ভাগত ঘোষিত হোৱাৰ কথা আছে নতুন কেন্দ্ৰীয় কমিটি ৷ লুৰিণ জ্যোতি গগৈ আৰু দীপাংক নাথৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি নতুন সমিটিয়ে সংগঠনটোক নতুন দিশেৰে আগুৱাই লৈ যাব বুলি বহুতে আশা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: সপ্তদশ দুলীয়াজান ছাত্ৰ সন্থাৰ অধিবেশনৰ গ্ৰন্থ বিপনীত পাঠকৰ ভিৰ