ETV Bharat / state

Live Bullets recovered: তিনিচুকীয়াত উদ্ধাৰ 19 টা খালী কাৰ্টিজ ভৰ্তি বেগ - উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰা

তিনিচুকীয়াৰ ন-পুখুৰীস্থিত বীৰেন্দ্ৰ শ্বাহ ওৰফে তিয়াঁই নামৰ এজন লোকৰ ডেম্পত তিনিচুকীয়া আৰক্ষীয়ে খালী কাৰ্টিজ ভৰ্তি 19 টাকৈ বেগৰ লগতে সজীৱ গুলী উদ্ধাৰ কৰে (Blank kartoos seized by Tinsukia Police) । লগতে বীৰেন্দ্ৰ শ্বাহ ওৰফে তিয়াঁই নামৰ ব্যক্তিজনকো আটক কৰে ৷

Live Bullets recovered and blank kartoos seized by Tinsukia Police
তিনিচুকীয়াত উদ্ধাৰ 19 টাকৈ খালী কাৰ্টিজ
author img

By

Published : Aug 11, 2022, 4:26 PM IST

Updated : Aug 11, 2022, 6:29 PM IST

তিনিচুকীয়া, 11 আগষ্ট: সমাগত স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্ততে তিনিচুকীয়াৰ ন-পুখুৰীস্থিত বীৰেন্দ্ৰ শ্বাহ ওৰফে তিয়াঁই নামৰ এজন লোকৰ ডেম্পত তিনিচুকীয়া আৰক্ষীয়ে খালী কাৰ্টিজ ভৰ্তি 19 টাকৈ বেগৰ লগতে সজীৱ গুলী উদ্ধাৰ কৰে (Blank kartoos seized by Tinsukia Police) । সজীৱ গুলী উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে সমগ্ৰ তিনিচুকীয়াত সৃষ্টি কৰিছে চাঞ্চল্যৰ (Live Bullets recovered from Tinsukia) ৷

তিনিচুকীয়াত উদ্ধাৰ 19 টাকৈ খালী কাৰ্টিজ

তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য বৰাৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সৱিশেষ পৰিদৰ্শন কৰি বহু দিনৰ পৰাই এই ব্যৱসায় চলি আছে বুলি জানিবলৈ দিয়ে । এই ব্যৱসায়ৰ লগত জড়িত লোকসকল তিনিচুকীয়াত বিভিন্ন সময়ত হোৱা মটৰচাইকেল চুৰিৰ লগতে আন বহুতো চুৰিকাণ্ডৰ লগত জড়িত হৈ আহিছে বুলি উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় ৷

লগতে বীৰেন্দ্ৰ শ্বাহ ওৰফে তিয়াঁই নামৰ ব্যক্তিজনক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰাৰ লগতে ব্যক্তিজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ এই ব্যৱসায়ৰ লগত আন কোন কোন জড়িত আছে এতিয়ালৈকে পোহৰলৈ অহা নাই । ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ।

লগতে পঢ়ক: Drugs destroy many homes: ড্ৰাগছ সেৱনৰ বাবে ধন নিদিয়াৰ বাবেই পুত্ৰই জ্বলাই ভস্মীভূত কৰিলে ঘৰ

Last Updated : Aug 11, 2022, 6:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.