ETV Bharat / state

তিনিচুকীয়াত পদপথৰ গ্ৰন্থাগাৰ উদ্বোধন

author img

By

Published : May 9, 2021, 9:54 AM IST

লেখক অমৃত ৰাজখোৱাই ব্যক্তিগত প্ৰচেষ্টাৰে নিজা বাসগৃহত এটি ব্যক্তিগত গ্ৰন্থাগাৰ স্থাপন কৰি বৃহত্তৰ লাইপুলি অঞ্চলৰ পঢ়ুৱৈসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ সজাগতা সৃষ্টিৰ এটি সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ উক্ত গ্ৰন্থাগাৰত ১০ জন পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ অসমীয়া, বাংলা আৰু ইংৰাজী সাহিত্যিকৰ ভালেসংখ্যক মূল্যবান গ্ৰন্থ আৰু অমৃত ৰাজখোৱাৰ গ্ৰন্থ সম্ভাৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

তিনিচুকীয়াত গ্ৰন্থাগাৰ উন্মোচন
তিনিচুকীয়াত গ্ৰন্থাগাৰ উন্মোচন

তিনিচুকীয়া,9 মে’: তিনিচুকীয়া চহৰৰ সমীপৰ ডিমৰুগুৰি গাঁৱৰ "শংকৰ-আজান" আৰু "লুইতপৰীয়া" শিল্পী সন্মানেৰে বিভূষিত লেখক, গায়ক, কবি, শিক্ষক তথা সাংবাদিক ৰূপে খ্যাত অমৃত ৰাজখোৱাই ব্যক্তিগত প্ৰচেষ্টাৰে নিজা বাসগৃহত এটি ব্যক্তিগত গ্ৰন্থাগাৰ স্থাপন কৰে ৷ বৃহত্তৰ লাইপুলি অঞ্চলৰ পঢ়ুৱৈসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ সজাগতা সৃষ্টিৰ এটি সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৰাজখোৱাই । এই উপলক্ষে শনিবাৰে বাসগৃহত মাংগলিক অনুষ্ঠানৰ আয়োজন কৰি ৰাজখোৱাই আঁত ধৰা সভাত উপস্থিত থাকি কাপ্তানচুক গাঁৱৰ গাঁওবুঢ়া কুলাই মাউট আৰু বৰবুঢ়া অম্বেশ্বৰ গোঁহাইয়ে উদ্বোধন কৰে গ্ৰন্থাগাৰটো ।

তিনিচুকীয়াত পদপথৰ গ্ৰন্থাগাৰ উদ্বোধন

উক্ত গ্ৰন্থাগাৰত ১০ জন পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ অসমীয়া, বাংলা আৰু ইংৰাজী সাহিত্যিকৰ ভালেসংখ্যক মূল্যবান গ্ৰন্থ আৰু অমৃত ৰাজখোৱাৰ নিজৰ গ্ৰন্থ সম্ভাৰ আৰু লেমিনেশ্যনসহ বিভিন্ন অনুষ্ঠানত মৰা ফটো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে, উক্ত অনুষ্ঠানটোত অঞ্চলটোৰ ভালেসংখ্যক ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক: এসপ্তাহৰ বাবে লকডাউন ঘোষণা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.