ডুমডুমা, 25 নৱেম্বৰঃ অধ্যাপক ড৹ অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত অসমত গঢ়ি উঠিছে কিতাপ পঢ়াৰ এক ন-আন্দোলন ৷ সেই আদৰ্শকে বাস্তবায়িত কৰিছে তিনিচুকীয়াৰ ফিল'বাৰীৰ এজন উদীয়মান যুৱকে ৷ তিনিচুকীয়াৰ ন-হোলোং ভূঞা গাঁৱৰ এজন উদীয়মান যুৱক মুনিন বৰাই নিজৰ একক প্ৰচেষ্টাত গঢ়ি তুলিছে এটা ক্ষুদ্ৰ গ্ৰাম্য পুথিভঁৰাল ৷ ‘প্ৰজ্ঞা’ নামেৰে নামকৰণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰা এই পুথিভঁৰালটো ফিল'বাৰী অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷
বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ ধৰা কিতাপ পঢ়াৰ প্ৰৱণতাক পুনৰুজ্জীৱিত কৰাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মুনিন বৰাই ৷ মুনিন বৰাৰ এই মহৎ প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সকলোৱে ৷
আৰু পঢ়কঃ ৰেডিচন ব্লুত 'ফলমূল মিশ্ৰণ উৎসৱ'