মাৰ্ঘেৰিটা,2 এপ্ৰিলঃ মাৰ্ঘেৰিটাৰ অন্তৰ্গত ডিগবৈৰ পৰা জাগুনৰ এটা ব্যক্তিগত চাহ উদ্য়োগলৈ গেছ যোগান ধৰা পাইপ লাইনত বৃহস্পতিবাৰে সংঘটিত হয় এক অগ্নিকাণ্ড । স্থানীয় ৰাইজ আৰু গাঁৱৰক্ষী বাহিনীৰ তৎপৰতাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী । ঘটনাস্থলীত আৰক্ষী, প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক যথা সময়ত উপস্থিত হোৱাৰ বাবে জুয়ে তীব্ৰ ৰূপ ধাৰণ কৰিব নোৱাৰিলে ।
ইফালে, অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা যোৱা নাই যদিও গাঁৱবাসীৰ অভিযোগ অনুসৰি গেছ সৰবৰাহ কৰা পাইপসমূহ মাটিৰ তলেৰে নিয়াৰ বিপৰীতে কোনো কোনো ঠাইত মুকলিকৈ দেখা যায় । যাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে ।
লগতে চাওকঃ মাজনিশালৈকে ব্যস্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা