ETV Bharat / state

Lat mandal suspended: টকা নিদিলে গাড়ী নচলে লাট মণ্ডলৰ, অৱশেষত নিলম্বিত হ’ল লাট মণ্ডল - ৰাজহ চক্ৰ বিষয়া

টকা নিদিলে কাম নকৰে লাট মণ্ডলে ৷ অৱশেষত উৎকোচ লৈ নিলম্বিত হ’ল তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ লাট মণ্ডল মণিধৰ মাউত ৷ মাটি বাৰী নামজাৰিৰ লগতে যাবতীয় কাম-কাজ সম্পন্ন কৰি দিয়াৰ নামত এগৰাকীৰ পৰা লৈছিল ২০০০ ৷ কেৱল এইটোৱেই নহয়, এনে বহু অভিযোগ আছে লাট মণ্ডল মণিধৰ মাউতৰ বিৰুদ্ধে (Lat mandal suspended) ৷

Lat mandal suspended for taking bribe in Tinsukia
উৎকোচ নিলম্বন লাট মণ্ডল
author img

By

Published : Feb 18, 2023, 8:56 PM IST

উৎকোচ নিলম্বন লাট মণ্ডল

তিনিচুকীয়া, ১৮ ফেব্ৰুৱাৰী: "টকা নিদিলে কাম নকৰে ৷ ২০০০ ৰ পৰা ৩০০০ হাজাৰ টকাৰ অবিহনে লাটমণ্ডলৰ গাড়ী নচলে । উপায়বিহীন হৈ কামটো কৰিব দিবলৈ ঘৰত গৈ দি থৈ আহিছো ২০০০ টকা ৷ তথাপিও কৰি দিয়া নাছিল কামটো ৷ কেইদিনমান পিচত পুনৰ ৩০০০ টকা খুজিছিল লাট মণ্ডলে ৷" এয়া এজন লাট মণ্ডলৰ বিৰুদ্ধে ভুক্তভোগীয়ে দিয়া বিস্ফোৰক ভাষ্য ৷

এই অভিযোগ উত্থাপন হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ লাট মণ্ডল মণিধৰ মাউতৰ বিৰুদ্ধে (Doomdooma Revenue Circle) । লাট মণ্ডল মণিধৰ মাউতৰ বিৰুদ্ধে আছে এনে আৰু বহু অভিযোগ ৷ ডুমডুমা ৰাজহ চক্ৰ বিষয়া ৰণ্ময় ভৰদ্বাজে জানিবলৈ দিয়া মতে এই বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত মণ্ডল জনৰ ওপৰত মৌখিকভাৱে ফিল’বাৰী লাটৰ পৰা কেইবাটাও অভিযোগ লাভ কৰিছিল ৷ কেতিয়াবা যদি মাটি বাৰী নামজাৰি কৰি দিয়াৰ বিনিময়ত, আন কেতিয়াবা আকৌ মিচন বসুন্ধৰাৰ নামত ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল টকা (Lat mandal suspended at Doomdooma)।

Lat mandal suspended for taking bribe in Tinsukia
উৎকোচ নিলম্বন লাট মণ্ডল

ৰাইজৰ মৌখিক অভিযোগ লাভ কৰাৰ পিচতে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ২৫ দিনৰ বাবে লাট মণ্ডলজনক অব্যাহতি দিছিল । ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে মণ্ডলজনক নিজকে সংশোধন কৰিবলৈ এটা সুবিধা দিছিল ৷ কিন্তু নাই নহ’ল, সলনি নহ’ল মণ্ডলজনৰ চৰিত্ৰ ৷ ২৫ দিনৰ অন্তত পুনৰ মণ্ডলজনক কৰ্মৰ বাবে নিয়োগ কৰিছিল অন্য এটা লাটলৈ । কিন্তু পুনৰ একেই অভিযোগ মণ্ডলজলৰ বিৰুদ্ধে ৷ এইবাৰ আকৌ মৌখিক অভিযোগৰ লগতে লিখিত আকাৰেও আহে অভিযোগ (Lat mandal suspended for taking bribe in Tinsukia)।

যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আৰু ৰেহাই নাপালে লাট মণ্ডলে ৷ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা অভিযোগ প্ৰেৰণ কৰা হ’ল জিলা উপায়ুক্ত কাৰ্যালয়লৈ । ততাতৈয়াকৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হ’ল লাট মণ্ডল মণিধৰ মাউতক (Doomdooma Revenue Circle Lat mandal suspended) ৷ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰখা হৈছে বুলিও জানিবলৈ দিয়ে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৷

আন এগৰাকী অভিযোগকাৰীৰ মন্তব্য অনুসৰি লাট মণ্ডল মণিধৰ মাউতক মাটি বাৰী চাবলৈ যোগাযোগ কৰিলে স্পষ্টকৈ কয় যে টকা নহ’লে গাড়ী নচলে লাট মণ্ডলৰ ৷ কিন্তু মণ্ডলৰ হাতত টকা পৰাৰ লগে লগে লাট মণ্ডল মণিধৰ মাউতে ততাতৈয়াকৈ মাটি বাৰী নামজাৰিৰ লগতে যাবতীয় কাম-কাজ সম্পন্ন কৰে ৷

এতিয়া প্ৰশ্ন হয় ৰাইজৰ অভিযোগ আৰু চক্ৰ বিষয়াৰ তদন্তৰ ভিত্তিত এনে বিষয়া তথা চৰকাৰী কৰ্মচাৰী বিৰুদ্ধে কি শাস্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ? দুৰ্নীতি মুক্ত অসমৰ কথা কোৱা চৰকাৰে এনেধৰণৰ দুৰ্নীতি পৰায়ণ চৰকাৰী কৰ্মচাৰীক প্ৰশ্ৰয় দিবনে ? নে বৰ্খাস্ত কৰিব সেয়া পৰৱৰ্তী সময়তহে জিলা প্ৰশাসনৰ তদন্তত পোহৰলৈ আহিব ।

লগতে পঢ়ক: FIR Against OC n Constable: ন্যায় বিচাৰি থানলৈ যোৱা শ্বহীদ কৰ্ণেলৰ পত্নীক হত্যাৰ অপচেষ্টা আৰক্ষী কনিষ্টবলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.