ETV Bharat / state

বান-পীড়িতৰ বাবে চৰকাৰে প্ৰদান কৰা ভূমি বহিৰাগত বণিয়াক বিক্ৰী

শদিয়াত ভূ-মাফিয়াই অবৈধ ভাবে বান-পীড়িতৰ বাবে চৰকাৰে প্ৰদান কৰা ভূমি বহিৰাগত বনিয়াক বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷

author img

By

Published : Aug 22, 2021, 7:05 PM IST

বান-পীড়িতৰ বাবে চৰকাৰে প্ৰদান কৰা ভূমি বহিৰাগত বনিয়াক বিক্ৰী ভূ-মাফিয়াৰ

শদিয়া, 22 আগষ্ট : শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ তিনিমাইল চাপৰিৰ শ শ হেক্টৰ মাটি ভূ-মাফিয়াই চক্ৰান্তৰে বিক্ৰী কৰিছে বহিৰাগত বণিয়াক ৷ জানিবপৰা মতে, শদিয়াৰ বান-পীড়িত ৰাইজৰ বাবে শদিয়া মহকুমা প্ৰশাসনে প্ৰদান কৰিছিল এই এলেকাৰ ভূমি ৷

কিন্তু জনৈক ফুকন উপাধিৰ শদিয়াৰে এজন ব্যক্তিয়ে চৰকাৰী বিষয়া কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত এই অঞ্চলৰ শ শ হেক্টৰ ভূমি বহিৰাগত অনা অসমীয়াক বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে শদিয়াৰ জাতীয় জনগোষ্ঠীয় দল-সংগঠনে ৷

লগতে পঢ়ক : কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী

তাৎপৰ্যপূৰ্ণ বিষয়ে যে, যি সময়ত শদিয়া ট্ৰাইবেল বেল্টৰ ভূমি বহিৰাগতই কিনা বেচা কৰিব নোৱাৰে, তাৰ বিপৰীতে এইদৰে শ শ হেক্টৰ ভূমি অবৈধভাৱে কিনা বেচাক লৈ প্ৰশ্ন উত্থাপন কৰিছে দল-সংগঠনে ৷ উক্ত এলেকাত এতিয়া অবৈধভাৱে গঢ় লৈ উঠিছে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা, অতিথিশালা, শ শ বিঘাৰ পুখুৰী ইত্যাদি ৷ সমগ্ৰ বিষয়টোত বিভাগীয় চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে ৷

ইতিমধ্যে এই বিষয়টো তদন্তৰ দাবীত শদিয়াৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনে মহকুমাধিপতি, জিলা উপায়ুক্ত, ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷ অতি শীঘ্ৰেই ইয়াৰ ওপৰত উচিত তদন্ত কৰি অপৰাধীক শাস্তি বিহাৰ লগতে অঞ্চলটো বেদখলমুক্ত কৰি উচ্ছেদ অভিযান চলাবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে শদিয়া আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
লগতে পঢ়ক : অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন-মগজু তালিবানী চিন্তাৰে সংপৃক্ত: মমিনুল আৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.