তিনিচুকীয়া, 31 জানুৱাৰী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাইকা-দধীয়াবাসীৰ তেৰশটা পৰিয়ালক এক লাখ টকাকৈ দিব বুলি ঘোষণা কৰাৰ পিছতে টিএমপিকেই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । প্ৰথমে লাইকা-দধীয়াবাসীক পুনৰসংস্থাপন কৰি বিদ্যালয়, চাকৰি আদিৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় টিএমপিকেৰ সহকাৰী সাধাৰণ সম্পাদক অজয় দলেই । ৰাজ্য চৰকাৰে ৩১ জানুৱাৰী তাৰিখে লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ দিন ধায্য কৰিছিল । কিন্তু পুনৰ সংস্থাপনৰ বিপৰীতে লাইকা-দধীয়াবাসীৰ তেৰশটা পৰিয়ালক এক লাখ টকাকৈ দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অজয় দলেই 31 জানুৱাৰী অৰ্থাৎ দেওবাৰে সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হ‘ব বুলিও জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে এক লাখকৈ সাহাৰ্য্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ শনিবাৰে মৰিগাঁৱৰ নেলী মকৰীয়াৰ গিৰিধৰ পাতৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ অধিৱেশনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লাইকা-দধীয়াৰ প্ৰায় তেৰশ পৰিয়ালৰ মাজত 13 কোটি টকা আৱন্টন কৰাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক: লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰীৰ