শদিয়া,19মে': ৰাজ্যজুৰি লক ডাউনৰ ফলত বিভিন্নজনৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ ৷ লক ডাউনৰ ফলত এতিয়া গভীৰ সংকটত পৰিছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দৈনিক বজাৰত টেইলাৰিং দোকান দি জীৱন নিৰ্বাহ কৰা 20খনকৈ দোকানৰ প্ৰায় ৬০গৰাকী মহিলা ৷ নিজৰ পৰিয়াল পোহপাল দিয়াত মহিলাসকলৰ অসুবিধা হোৱাৰ লগতে মাইক্ৰ'ফাইনেন্স বেংকসমূহৰ পৰা ঋণ লৈ থোৱাত এতিয়া ঋণ ঘূৰাই দিয়াত সৃষ্টি হৈছে অসুবিধাৰ ৷ইপিনে চতুৰ্থ পৰ্যায়ৰ লক ডাউন শিথিল কৰি দোকানসমূহ খুলিব দিছে যদিও টেইলাৰিং দোকানত নাই কোনো গ্ৰাহক ৷যাৰ বাবে এতিয়া অন্ধকাৰ দিশে আগবাঢ়ি গৈছে দোকান সমুহৰ লগত জড়িত ৬০গৰাকীকৈ মহিলাৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহ ৷
আনহাতে, চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে বিভিন্নধৰণৰ আঁচনি লৈছে যদিও মহিলাসকলে বৰ্তমানলৈকে লাভ কৰা নাই আঁচনিৰ সুবিধা ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মহিলাসকলে সহায় বিচাৰিছে স্থানীয় বিধায়ক বলিন চেতিয়াৰ ৷ সমষ্টিৰ এই সকল মহিলাৰ দুৰৱস্থা কথা চিন্তা কৰি বিধায়ক গৰাকীয়ে মহিলা সকলৰ অনুৰোধ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিবনে? পৰৱৰ্তী সময়ত সেইয়া হ'ব লক্ষ্যণীয়৷
লগতে পঢ়কঃলকডাউনৰ সময়ত প্ৰকৃত যোদ্ধা হৈছে আৰক্ষীঃ দিলীপ শইকীয়া