ETV Bharat / state

লক ডাউন: মাৰ্ঘেৰিটাৰ পৰা গৃহাভিমুখে সহস্ৰাধিক লোক - ১০০০ শ্ৰমিক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত লক ডাউনৰ ফলত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিজ নিজ গৃহ লৈ প্ৰেৰণ কৰা হয় ৷ ১০ খনৰো অধিক জিলাৰ প্ৰায় এহেজাৰতকৈ অধিক লোকক প্ৰায় ২৫ খন বাছেৰে প্ৰেৰণ কৰা হয় ।

labours-send-back-to-there-respective-homes-from-margeritha
লক ডাউন: মাৰ্ঘেৰিটাৰ পৰা গৃহাভিমুখে সহস্ৰাধিক লোক
author img

By

Published : Apr 27, 2020, 8:51 PM IST

মাৰ্ঘেৰিটা, 27 এপ্ৰিল : দীৰ্ঘদিন ধৰি চলি থকা লক ডাউনৰ বাবে ডিফু,কাৰ্বি আংলং,কোকৰাঝাৰ,বঙাইগাঁও‌,নগাঁও,আদি বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ এক হাজাৰৰো অধিক শ্ৰমিক মাৰ্ঘেৰিটাত আবদ্ধ হৈ পৰাত সোমবাৰে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত ২৫ খন বাছেৰে শ্ৰমিকসকলক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হয় । সোমবাৰৰ ৰাতিপুৱা ৭ বজাৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত আবদ্ধ প্ৰায় ১০০০ গৰাকী লোকক মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত সম্পূৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি জিলা চিকিৎসকৰ দল এটাৰে প্ৰতি গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । ইয়াৰ পাছতেই লোক সকলক স্ব-গৃহাভিমুখে প্ৰেৰণ কৰা হয় ৷

লক ডাউন: মাৰ্ঘেৰিটাৰ পৰা গৃহাভিমুখে সহস্ৰাধিক লোক

যাত্ৰী সকলে দীৰ্ঘদিনৰ পৰাই নিজৰ নিজৰ গৃহৰ বাহিৰত আবদ্ধ হৈ থাকি অৱশেষত ঘৰলৈ উভতি যাবলৈ সক্ষম হৈ হোৱাত আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : অব্যাহত আছে যোৰহাট-মাজুলী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.