ETV Bharat / state

অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট পক্ষীৰ সন্ধান লাভ - walong

অৰুণাচল প্ৰদেশত দেখিবলৈ পোৱা গৈছে দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট(Koklass Pheasant) পক্ষী । অৰুণাচলৰ আনজাউ জিলাৰ ৱালঙত দেখিবলৈ পোৱা গৈছে এই পক্ষীবিধ ।

Koklass Pheasant bird found in Arunachal
অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট
author img

By

Published : Jun 7, 2021, 9:37 PM IST

Updated : Jun 7, 2021, 10:00 PM IST

তিনিচুকীয়া, ৭ জুন: দুষ্প্ৰাপ্য পক্ষীৰ আগমণ ঘটিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ(Arunachal Pradesh)লৈ । পক্ষী নিৰীক্ষক বিনন্দ হাতী বৰুৱাৰ কেমেৰাত বন্দী হৈছে গছৰ ডালত বহি থকা এটা ককলাছ ফিজেণ্ট(Koklass Pheasant) । চুবুৰীয়া ৰাজ্য অৰুণাচলৰ আনজাউ জিলাৰ ৱালঙত দেখিবলৈ পোৱা গৈছে এই পক্ষীবিধ । পৃথিৱীৰ অন্যতম বিলুপ্তিপ্ৰায় পক্ষী হৈছে ককলাছ ফিজেন্ট । চুবুৰীয়া ৰাজ্য অৰুণাচলৰ আনজাউ জিলাৰ অন্তৰ্গত ৱালঙত এই বিৰল প্ৰজাতিৰ চৰাই বিধৰ অৱস্থিতি থকাৰ কথা পক্ষী নিৰীক্ষক বিনন্দ হাতী বৰুৱাৰ জৰিয়তে জানিব পৰা গৈছে ।

Koklass Pheasant bird found in Arunachal
অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট

বিনন্দ হাতী বৰুৱাই আন কেইগৰাকীমান ফটোগ্ৰাফাৰৰ সৈতে লগ হৈ ককলাছ ফিজেণ্টটোৰ আলোকচিত্ৰ লৈছিল । পিছত ছ'চিয়েল মিডিয়াত ককলাছ ফিজেণ্টটোৰ আলোকচিত্ৰ আপলোড কৰাত সমগ্ৰ বিষয়টো চৰ্চালৈ আহে । পক্ষীটো সন্দৰ্ভত কেইবাগৰাকীও বিশেষজ্ঞই নিজ নিজ মতামত আগবঢ়াইছে । পক্ষীটো পুৰুষ প্ৰজাতিৰ বুলি ধাৰণা কৰিছে বিনন্দ হাতী বৰুৱাই ।

উল্লেখ্য যে, ককলাছ ফিজেন্ট পূৰ্বে দক্ষিণ তিব্বত অথবা চীনতহে দেখিবলৈ পোৱা গৈছিল । বিশ্বৰ পক্ষী তালিকাৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা ককলাছ ফিজেন্ট(Koklass Pheasant) নামৰ বিশেষ প্ৰজাতিৰ চৰাইবিধ এতিয়া চুবুৰীয়া ৰাজ্য অৰুণাচলত দেখিবলৈ পোৱাটোৱে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট

পক্ষী নিৰীক্ষক বিনন্দ হাতী বৰুৱাই কয় যে, বিভিন্ন উদ্যান,অভয়াৰণ্য অথবা গাঁওসমূহত পক্ষী পৰ্যটন(Bird Tourism)ৰ প্ৰসাৰ কৰি নিবনুৱা সমস্যা কিছু পৰিমাণে দূৰ কৰিব পাৰি । এইক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে পক্ষী নিৰীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:জাঁজীমুখৰ বালিমাহী চাপৰিত এক লাখ গছপুলি ৰোপণৰ সংকল্প আছুৰ

Last Updated : Jun 7, 2021, 10:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.