তিনিচুকীয়া, 6 ছেপ্টেম্বৰ: ভাদ মাহৰ শুক্লা পক্ষৰ একাদশীৰ দিনা ৰাজ্যজুৰি উৎসাহ-মালহেৰে পালন কৰা হয় কৰম উৎসৱ (Karam festival celebrated in Assam)৷ অসমৰ কৃষিজীৱী তথা কৰ্মজীৱী চাহ জনগোষ্ঠীয় লোকসকলে ভোক-পিয়াহ, ৰ'দ-বৰষুণ আদি নেওচি অশেষ কষ্টৰে শালি খেতিৰ কাম শেষ কৰি অতীজৰে পৰা অতি উলহ-মালহেৰে পালন কৰি আহিছে এই পবিত্ৰ কৰম পৰৱ তথা চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজা ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰী চাহ বাগিচা কৰম উদযাপন সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এন.এল.আৰ. গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে যষ্ঠদশ বাৰ্ষিক কৰম সন্মিলন অনুষ্ঠিত কৰা হয় (Karam festival celebrated in Tinisukia)৷ পুৱাৰে পৰা আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰথমটো কাৰ্যসূচীৰ পতাকা উত্তোলনৰ লগতে গছপুলি ৰোপণ কৰা হয় ৷
ইয়াৰ পিছতে বিভিন্ন ধৰণৰ খেল-ধেমালি, কৰম উৎসৱৰ আখৰা আদি কৰা হয় ৷ অনুষ্ঠানটোৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক কৰম উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনায় উদ্যোক্তা সমিতিৰ বিষয়-ববীয়াই ৷
উল্লেখযোগ্য যে এই কৰম পূজা উপলক্ষে ঝাৰখাণ্ডৰ পৰা মুখ্য অতিথি হিচাপে আহি উপস্থিত হয় আৰু কৰমৰ আখড়া-বন্দনা শীর্ষক গীতৰ কলি সংবাদ মাধ্যমৰ আগত গুণগুনোৱাৰ লগতে তেওঁ অসমলৈ আহি ঝাৰখাণ্ডত থকা যেন অনুভৱ কৰা বুলি ব্যক্ত কৰে ।
উল্লেখ্য যে কৰম বা কৰ্ম উৎসৱ চাহ জনজাতীয় তথা মূলত ঝাৰখণ্ডৰ খিলঞ্জীয়া লোকসকলৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিত এক লোক উৎসৱ । এই উৎসৱ হৈছে প্ৰেমৰ প্ৰতীক (Karam festival symbol of love) । আজিৰ দিনটোত চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে । এই উপলক্ষে সকলোৱে পৰম্পৰাগত পোছাক পিন্ধি লোকনৃত্য কৰা দেখা যায় (Karam festival of Jharkhand) । আনহাতে, জনজাতীয় লোকসকলৰ লগতে সনাতন ধৰ্মপ্ৰেমীসকলেও এই উৎসৱত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:আজি প্ৰেমৰ প্ৰতীক কৰম উৎসৱ