ETV Bharat / state

কলিতা জনগোষ্ঠীক অৱহেলা কৰাৰ অভিযোগেৰে ডুমডুমাত ৰাজহুৱা সভা

author img

By

Published : Dec 14, 2020, 9:50 AM IST

দেওবাৰে ডুমডুমা নাট্যমন্দিৰ প্ৰাংগণত কলিতা জনগোষ্ঠীৰ জনগোষ্ঠীয় জাগৰণমূলক ৰাজহুৱা সভাৰ আয়োজন ৷ সভাত কলিতাসকলক চৰকাৰে কৰি অহা অৱহেলা তথা প্ৰৱঞ্চনাৰ বিৰুদ্ধে থিয় হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

kalita people meeting in doomdooma
ডুমডুমাত কলিতা জনগোষ্ঠীৰ ৰাজহুৱা সভা

ডুমডুমা,14 ডিচেম্বৰ : তিনিচুকীয়াৰ ডুমডুমা নাট্যমন্দিৰ প্ৰাংগণত দেওবাৰে অনুষ্ঠিত হয় অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী খ্যাত কলিতা জনগোষ্ঠীৰ এখন জনগোষ্ঠীয় জাগৰণমূলক ৰাজহুৱা সভা ৷ কলিতা জনগোষ্ঠী সন্মিলন, কলিতা জনগোষ্ঠী মহিলা পৰিষদ আৰু কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ধৰণী শইকীয়াই ৷

kalita people meeting in doomdooma
ডুমডুমাত কলিতা জনগোষ্ঠীৰ ৰাজহুৱা সভা

উক্ত সভাত ভাগ লয় কলিতা জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জয়সূৰ্য বৰা, মহিলা পৰিষদৰ নেত্ৰী নমিতা বৰ্মন, মিনা বৰ্মন, সাংবাদিক অৰ্জুন বৰুৱা, ধিৰেণ ডেকাকে ধৰি বহুকেইজন নেতাই ৷ সভাত কলিতাসকলক চৰকাৰে কৰি অহা অৱহেলা, প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈ মাত মতাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰোপৰি কলিতা জনগোষ্ঠীক লৈ জয়সূৰ্য বৰাই লিখা এটি গীত উন্মোচন কৰে সাংবাদিক অৰ্জুন বৰুৱাই ৷

লগতে পঢ়ক : বিশ্বনাথত কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.