শদিয়া,15আগষ্টঃ দেশৰ 74 তম স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কাকপথাৰৰ লগতে অসম অৰুনাচল সীমান্তত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে কাকপথাৰৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ী মৃদুল বৰাই ৷ এটা গছ পুলিত ২০০০ টকা খৰছেৰে প্ৰায় ৯ লক্ষ্যাধিক টকা ব্যয় কৰি তিনিবছত নিজৰ তত্বাৱধানত প্ৰতিপালন কৰি পাঁচশ গছ পুলি ৰোপন কৰিছে বুলি জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে, কাকপথাৰৰ পৰা ডিৰাক চাৰিআলিলৈ প্ৰায় ১৫ কিলোমিটাৰ পথৰ দাঁতিত ৰোপন কৰে গছ পুলি সমূহ ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে শদিয়াৰ বিধায়ক বলিন চেতিয়া, সেনা বিষয়া , স্থানীয় আৰক্ষী , দল সংগঠন , বন বিভাগ , বহুকেইজন গন্য মান্য ব্যক্তিয়ে ৷ আনহাতে অসম অৰুনাচল সীমান্তৰ ডিৰাক সোনজান শিমলুগুৰিৰ পৰা ডিৰাক গেটলৈ টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত এটা স্বেচ্ছাসেৱী সংগঠনে সোনজান শিমলুগুৰিৰ পৰা ডিৰাকগেটলৈ বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে ৷
লগতে পঢ়কঃ অন্ধবিশ্বাসঃ মৃত মহিলাক জীয়াই তুলিবলৈ বেজৰ 18 ঘণ্টীয়া তন্ত্ৰ-মন্ত্ৰ