শদিয়া,9 জানুৱাৰীঃ বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰআলি আঞ্চলিক পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ শুকুৰবাৰৰ পৰা উদযাপন কৰা হৈছে ৷ বৰআলি মধ্য ইংৰাজী বিদ্যালয় ৰাজহুৱা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
শনিবাৰে বিভিন্ন প্ৰতিযোগিতাৰ লগতে অন্তৰংগ মুখামুখি অনুষ্ঠান নামেৰে এক কাৰ্যসূচীৰ ৰূপায়ণ হ’ব বুলি জানিবলৈ দিয়ে উদ্যোগতাই ৷ ইপিনে দেওবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত পুৱা সাংস্কৃিতক শোভাযাত্ৰা,স্মৃতিগ্ৰন্থ উন্মোচনৰ পিছতেই মুকলি সভা অনুষ্ঠিত হ'ব ৷ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ধৰি বিভিন্ন সংগঠনৰ নেতাই অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়কঃ শুৱনি কলিয়াবৰে ৰিঙিয়াই মাতিছে পৰ্যটকক