ETV Bharat / state

CAA আৰু EIA 2020 বাতিলৰ লগতে অখিল গগৈৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট

author img

By

Published : Aug 4, 2020, 9:33 PM IST

ৰাজ্যত শদিয়াৰ পৰা ধুবুৰীলৈ অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ মঙলবাৰে কাকপথাৰ অসমীয়া দূৰ্গাপূজা মন্দিৰৰ প্ৰাংগনত সন্মিলিত সংগ্ৰামী মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

kakopather-akhil-gogoi-relese-and-caa-aginest-protest
CAA বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কাকপথাৰত অৱস্থান ধৰ্মঘট

শদিয়া,4আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু EIA ২০২০ বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ ৰ মুক্তিৰ দাবীত কাকপথাৰ অসমীয়া দূৰ্গাপূজা মন্দিৰৰ প্ৰাংগনত সন্মিলিত সংগ্ৰামী মঞ্চৰ উদ্যোগত মঙলবাৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ সংগঠনটোৰ অৰ্ধ শতাধিক কৰ্মীয়ে CAA আমি নামানো , বিজেপি চৰকাৰ হুছিয়াৰ, আৰ এছ এছ হুছিয়াৰ , অখিল গগৈক মুক্তি দিয়ক, EIA বাতিল কৰক ইত্যাদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

উক্ত কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে যিকোনো বিনিময়ত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ লগতে EIA খচৰা ২০২০ গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰে ৷ চৰকাৰে অতি শ্ৰীঘ্ৰে CAA আৰু EIA 2020 বাতিল নকৰিলে প্ৰয়োজনত তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰী সকলে চৰকাৰক শকীয়াই দিয়ে ৷

লগতে পঢ়কঃ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.