শদিয়া, 3 নৱেম্বৰ: প্ৰায় দুইবছৰ ধৰি APLASTIC ANEMIA নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈ থকা তিনিচুকীয়া জিলাৰ কাকপথাৰ গন্ধৈগুৰি নিবাসী অভিজিত দত্তৰ পুত্ৰ তথা মেধাৱী ছাত্ৰ ঋষভ দত্তক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিল ডিগবৈ চহৰৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান আৰ. ডি. জুনিয়ৰ কলেজ কৰ্তৃপক্ষ ৷ বিগত দুটা বছৰে ঋষভৰ চিকিৎসাৰ নামত বহু লক্ষ টকা খৰছ কৰি সৰ্বস্ব হেৰুৱা পৰিয়ালটোৰ বাতৰি সম্প্ৰচাৰ কৰিছিল ইটিভি ভাৰতে ৷ লগতে চ'ছিয়েল মিডিয়াতো ব্যাপক হাৰত প্ৰচাৰ হৈছিল প্ৰতিভাৱান ছাত্ৰ ঋষভ দত্তৰ এই জটিল ৰোগৰ কথা ৷ ইয়াৰ পাছতে বহুসংখক হৃদয়বান লোক বৰ্তমান আগবাঢ়ি আহিছে ঋষভৰ চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰিবলৈ ৷
দেওবাৰে কাকপথাৰ গন্ধৈগুৰিস্থিত ঋষভ দত্তৰ বাসগৃহত উপস্থিত হৈ ঋষভৰ চিকিৎসাৰ বাবে ৩৫,৫০০ টকাৰ আৰ্থিক সাহাৰ্যৰ এখন চেক আগবঢ়াই উজনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ. ডি. জুনিয়ৰ কলেজ কৰ্তৃপক্ষ ৷ কলেজখনৰ এটা দলে ঋষভৰ মাতৃৰ হাতত এই চেক প্ৰদান কৰি এই সহায়ে ঋষভৰ চিকিৎসাৰ ক্ষেত্ৰত কিঞ্চিত উপকাৰ সাধন কৰিব বুলি আশা প্ৰকাশ কৰে ৷