ETV Bharat / state

কাকপথাৰত অপহৰণক লৈ উত্তাল প্ৰতিবাদ

কাকপথাৰ ন-মাইঠঙৰ কিশোৰীক অপহৰণ কৰা ঘটনাক লৈ উত্তপ্ত কাকপথাৰ থানা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ প্ৰশাসনক অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰৰ দাবী প্ৰতিবাদকাৰীৰ ৷

কাকপথাৰত অপহৰণক লৈ উত্তাল প্ৰতিবাদ
কাকপথাৰত অপহৰণক লৈ উত্তাল প্ৰতিবাদ
author img

By

Published : Apr 16, 2021, 5:07 PM IST

শদিয়া, 16 এপ্ৰিল : কাকপথাৰৰ ন-মাইঠঙৰ ফুকন (17) উপাধিৰ কিশোৰী এগৰাকী তৃতীয় লিংগৰ এক ব্যক্তিয়ে অপহৰণ কৰি নিয়াৰ ঘটনাক লৈ শুকুৰবাৰে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত কাকপথাৰ তিনিআলিৰ পৰা কাকপথাৰ থানালৈ প্ৰতিবাদী সমদল উলিয়াই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে ৷

যোৱা ৯ এপ্ৰিলত নগাঁৱৰ আমোলাপট্ৰীৰ পৰা তৃতীয় লিংগৰ টিনামনি বড়াই অপহৰণ কৰি লৈ যোৱাৰ পিছতেই ১০ এপ্ৰিলত কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ৷ ঘটনা হৈ যোৱা এটা সপ্তাহৰ পিছতো কাকপথাৰ আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় স্থানীয় সংগঠন, ৰাইজ আৰু পৰিয়ালৰ লোকে ৷ উক্ত সংগঠনটোৰ লগতে তাই আহোম ছাত্ৰ সন্থা আৰু মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিয়ে অনতিপলমে কিশোৰী গৰাকীক অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰশাসনক দাবী জনায় ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক : হোটেল ফেয়াৰমাউণ্টৰ পৰা আজি অসমলৈ ৰাওনা হ’ব এআইইউডিএফৰ প্ৰাৰ্থীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.