মাৰ্ঘেৰিটা, 30 মে': কৰ'ণা সন্ত্ৰাসৰ মাজতে চিকিৎসকসকলৰ সমান্তৰালভাৱে দিনে নিশাই নিজৰ দায়িত্ব পালন কৰি গৈছে সাংবাদিকসকলে ৷ নিজৰ জীৱনকো তুচ্ছ কৰি এই আতংকময় পৰিৱেশৰ মাজতো দায়িত্বত অটল হৈ আছে সাংবাদিকসকল ৷ এই সন্ত্ৰাসৰ সময়তো ৰাইজৰ বাবে খবৰৰ যোগান ধৰা সাংবাদিকসকলক উৎসাহ জনোৱাৰ বাবে শুকুৰবাৰে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই বিশেষভাৱে সন্মান জনায় প্ৰায় একুৰি সাংবাদিকক ৷
মাৰ্ঘেৰিটাৰ একমাত্ৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সম্পাদক পবিত্ৰ বৰগোঁহাইয়ে আঁতধৰা অনুষ্ঠানটোত সংবাদকৰ্মীসকলক ফুলাম গামোছা আৰু একোটাকৈ হাইজিন কিট প্ৰদান কৰি শুভেচ্ছা জনোৱা হয় । মাৰ্ঘেৰিটা উন্নয়ণ খণ্ড সভাকক্ষত অনুষ্ঠিত সভাখনত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, মুখপাত্ৰ মানস প্ৰতিম গগৈ আৰু সাংবাদিক হেমন্ত গগৈয়ে বক্তব্য প্ৰদান কৰে।
লগত পঢ়কঃ জুৰীয়াত কৰ্তব্যৰত আৰক্ষীক ভাবুকি যুৱ কংগ্ৰেছী নেতাৰ