ETV Bharat / state

নিৰ্মীয়মান অৱস্থাতেই পৰি ৰৈছে ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ছাত্ৰ-ছাত্ৰীৰ আশাত চেঁচা পানী ঢালি বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল শিক্ষা প্ৰতিষ্ঠানখন ৷ অতি শীঘ্ৰেই ঔদ্যোগিক শিক্ষা প্ৰতিষ্ঠানখনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী স্থানীয় সংগঠনৰ

author img

By

Published : Apr 6, 2019, 10:35 PM IST

ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

শদিয়া, 6 এপ্ৰিল : আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল তিনিচুকীয়াৰ কাকপথাৰৰ অন্তৰ্গত ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ 2014 চনতে কংগ্ৰেছ চৰকাৰৰ দিনতে ডিৰাক চাৰিআলিৰ সমীপত স্থাপিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখন বৰ্তমানেও অসম্পূৰ্ণ হৈ পৰি ৰৈছে ৷ 2016 চনতে পাঠদান আৰম্ভ হ'বলগীয়া প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্য আধৰুৱা হৈ ৰোৱাৰ লগতে নিৰ্মীয়মান গৃহ সমূহৰ দেৱালতো সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড ফাঁটৰ ৷ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উদ্যোগিক শিক্ষাৰ প্ৰতিষ্ঠানখনক লৈ বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে আশাবাদী হৈ পৰিছিল যদিও ছাত্ৰ-ছাত্ৰীসকলৰ আশাত চেঁচা পানী ঢালি বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল শিক্ষা প্ৰতিষ্ঠানখন ৷ ইপিনে কংগ্ৰেছ-বিজেপিৰ কুটিল ৰাজনীতিৰ মেৰপেচত সোমাই এনেদৰে শিক্ষা প্ৰতিষ্ঠানখন অসম্পূৰ্ণ হৈ থকাৰ লগতে স্থানীয় বিধায়ক বলীন চেতিয়াইও এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ইপিনে অতিশীঘ্ৰেই ঔদ্যোগিক শিক্ষা প্ৰতিষ্ঠানখনৰ কাম সম্পূৰ্ণকৰণৰ দ্বাৰা পাঠদানৰ কাম আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে কাকপথাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

Intro:২০১৬ চনতে পাঠদান হবলগীয়া ঔদ্যোগিক প্ৰশিক্ষন প্ৰতিষ্ঠানখন আজিও সম্পূৰ্ণ হৈ নুঠিল মেৰামতিৰ কাম

শদিয়া : তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ বৃহত্তৰ কাকপথাৰ অঞ্চলটোৰ অন্তৰ্গত ডিৰাক চাৰিঅালিৰ সমীপতে স্থাপন কৰা কাৰিকৰী প্ৰশিক্ষন প্ৰতিষ্ঠানখন বৰ্তমান এৰাবাৰীসদৃশ হৈ পৰিছে।পুৰ্বৰ তৰুণ গগৈ চৰকাৰৰ দিনত ২০১৪ চনতে স্থাপন কৰা এই অাই :টি:অাইখনৰ নিৰ্মানকাৰ্য অাৰম্ভ কৰা পাঁচবছৰৰো অধিক সময় উকলি গলেও অাজি পৰ্যন্ত সন্পুৰ্ণ হৈ নুঠিল । ২০১৬ চনতে পাঠদান অাৰম্ভ কৰিবলগীয়া প্ৰতিষ্ঠানখনত বৰ্তমানো নিৰ্মান কাৰ্য অাধৰুৱা হৈ ৰোৱাৰ লগতে নিৰ্মিয়মান গৃহ সমূহৰ কিছু কিছু অংশত প্ৰকাণ্ড প্ৰকাণ্ড ফাট মেলিছে । কোটি টকা ব্যয় কৰিবলগীয়া প্ৰতিষ্ঠানখনক লৈ বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে কাৰীকৰি শিক্ষাগ্ৰহন কৰাৰ অাগ্ৰহ প্ৰকাশ কৰিছিল যদিও ,সেয়া যেন সপোন হৈ নুঠাৰ পথত । কংগ্ৰেছ বিজেপিৰ কুটিল ৰাজনীতিৰ মেৰপেচত অসম্পুৰ্ণ প্ৰতিষ্ঠানখন বৰ্তমানে হাবি জংঘলেৰে পৰিপুৰ্ণ হৈ এৰাবাৰীসদৃশ হৈ পৰাত অঞ্চলটোৰ কাৰিকৰী দিশৰ প্ৰতি অাগ্ৰহী ছাত্ৰ ছাত্ৰীৰ মাজত হতাশাই দেখা দিছে।স্থানীয় বিধায়ক বলিন চেতিয়াইও এই বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।যদিহে শিক্ষানুস্থানখন শীঘ্ৰে অাৰম্ভ কৰি বৃহত্তৰ অতি স্পৰ্শকাতৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক পাঠগ্ৰহনৰ সুবিধা গ্ৰহন নকৰে ।তেনেহলে অাগন্তুক সময়ত অঞ্চলটোৰ উঠি অহা প্ৰজন্ম বিপথে পৰিচালিত হৈ  অসামাজিক কামত জঢ়িত হোৱাটো একপ্ৰকাৰ নিশ্চিত ৷Body:Bite : Local PublicConclusion:Mintu Talukdar
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.