শদিয়া, 9 জুলাই : শেহতীয়াকৈ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া(Central Bank of India)ৰ কাকপথাৰ শাখাই ডাঙি ধৰিছে চূড়ান্ত দায়িত্বহীনতাৰ অন্য এক নিদৰ্শন ৷ বেংকৰ শাখাটোত সংঘটিত হোৱা এক আচৰিত কাণ্ডই চকু কপালত তুলিছে অঞ্চলবাসী ৰাইজৰ ৷ জানিব পৰা মতে, দায়িত্বহীনতাৰ বাবে শাখাটোৰ লকাৰৰ মূল ছাবিপাত হেৰুৱাই পেলাইছিল বেংক কৰ্তৃপক্ষই ৷ পিছে, কথা ইমানতে শেষ নহ’ল ৷ শুকুৰবাৰে পুৱাৰে পৰা শাখাটোৰ শ শ গ্ৰাহক নিজৰ যাৱতীয় কাৰ্য সম্প্ৰাদান কৰিবলৈ যায় ৷ কিন্তু, এই সময়চোৱাত শাখাটোৰ কৰ্তৃপক্ষই চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈ লিংক ফেইল(link fail)ৰ ফলক লগাই আভুৱা ভাৰে গ্ৰাহকক ৷
উল্লেখযোগ্য যে, বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বৃত্তীয় খণ্ডত বেংকৰ শাখা(bank branch) বুলিবলৈ আছে মাত্ৰ দুটা ৷ গতিকে, স্বাভাৱিকতেই ইয়াৰে এটা হোৱাৰ বাবে দৈনিক শ শ লোকৰ সমাগম হয় চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ শাখাটোত ৷ আন সকলো দিনাৰ দৰেই শুকুৰবাৰৰ দিনটোতো অনুৰূপ ধৰণেই শখাটোলৈ আহিছিল বহু সংখ্যক গ্ৰাহক ৷ অৱশ্যে, বেংক কৰ্তৃপক্ষৰ দ্বাৰা লগাই থোৱা লিংক ফেইলৰ ফলকখন দেখি বিফল মনে ঘৰলৈ ওভতে বহু গ্ৰাহক ৷
অৱশেষত, উপায়ন্তৰ হৈ গ্ৰাহকৰ আগত প্ৰকৃত সত্যৰ কথা স্বীকাৰ কৰে বেংক কৰ্তৃপক্ষ(bank authority)ই ৷
ৰাইজে জনোৱা মতে, প্ৰায়ে ক’ভিড নীতি অৱলম্বন কৰি বেংকত ধনৰ লেনদেন কৰিবলৈ যোৱা গ্ৰাহক জোখতকৈ যথেষ্ট বেছি জন সমাগম হোৱাৰ বাবে ধন উলিয়াব নোৱাৰি ওভটিব লগীয়া হয় ৷ ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বেংকৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ ফল গ্ৰাহক সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে, বৰ্তমানেও বেংক কৰ্তৃপক্ষই ৰহস্যজনক ভাৱে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে ৷ শাখাটোৰ এনে কাণ্ডজ্ঞানহীনতা, দায়িত্বজ্ঞানহীনতাৰ ওপৰত উৰ্ধতম বেংক কৰ্তৃপক্ষ কিম্বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক : আপুনি বাৰু চাকৰিৰ সন্ধানত আছে নেকি ?