ETV Bharat / state

Important meeting of BJP allies : 2 ছেপ্তেম্বৰত তিনিচুকীয়াত বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক; উপস্থিত থাকিব মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:06 PM IST

2 ছেপ্তেন্বৰত তিনিচুকীয়াৰ কনভেনশ্যন চেন্টাৰত শাসকীয় দলৰ লগতে মিত্ৰজোঁটৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব ৷ বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব

Important meeting of BJP allies to be held
বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

2 ছেপ্তেম্বৰত বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

তিনিচুকীয়া, 31 আগষ্ট : সমাগত 2024 ৰ লোকসভা নিৰ্বাচন ৷ আগন্তুক লোকসভা নিৰ্বাচনকলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে শাসক- বিৰোধীৰ লগতে সকলো ৰাজনৈতিক দল ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে ৷ নিজৰ নিজৰ দলৰ সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ উঠি-পৰি লাগিছে প্ৰত্যেকটো দল ৷ অনুষ্ঠিত কৰিছে যোগদান কাৰ্যসূচীকে ধৰি নিৰ্বাচনকেন্দ্ৰীক বিভিন্ন অনুষ্ঠান ৷

তিনিচুকীয়াতো নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ উঠিছে শাসক-বিৰোধী উভয় পক্ষই ৷ চাহ বাগিচাৰ হেৰওৱা ভেটি উদ্ধাৰৰ বাবে তিনিচুকীয়া জিলাৰ পৰা কংগ্ৰেছে "বাগানে বাগানে কংগ্ৰেছ" শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰাৰ পাছতে এতিয়া শাসকীয় দলে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে আগন্তুক নিৰ্বাচনৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠক ৷ 2 ছেপ্তেন্বৰত তিনিচুকীয়াৰ কনভেনশ্যন চেন্টাৰত শাসকীয় দলৰ লগতে মিত্ৰজোঁটৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷

বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব আৰু শুকুৰবাৰে বিয়লি মুখ্যমন্ত্ৰী তিনিচুকীয়াত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে জানিবলৈ দিয়া অনুসৰি সকলো মিত্ৰজোঁটৰ বিধায়ক শুকুৰবাৰৰ ভিতৰত তিনিচুকীয়াত উপস্থিত হ’ব আৰু ইতিমধ্যে তিনিচুকীয়াত সকলো অতিথিৰ কাৰণে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে ৷

পুৱাৰে পৰা দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা বৈঠকখনত অংশ ল’ব শাসকীয় দল বিজেপিৰ লগতে অসম গণ পৰিষদ, ইউপিপিএল, গণশক্তি আদি মিত্ৰজোঁটৰ অংশীদাৰী দলে ৷ এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনকলৈ নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাৰ লগতে নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টি, উপ-জিলাৰ লগতে দলৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হ’ব ৷

লগতে পঢ়ক : Protest in Nalbari : মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি নলবাৰীত জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.