ETV Bharat / state

বাঘজানৰ অগ্নিকাণ্ডই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক

author img

By

Published : Nov 15, 2020, 10:16 PM IST

বাঘজানৰ অগ্নিকাণ্ডই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক । পকিবলৈ নৌ পাওঁতেই গছৰ পৰা মাটিত সৰি পৰিছে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ কমলা, তামোল আদি বিভিন্ন ফলমূল।

impact-of-baghjan-fire
বাঘজানৰ অগ্নিকাণ্ডই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক

তিনিচুকীয়া,15 নৱেম্বৰঃ ১৭১ দিনে জ্বলি আছিল বাঘজানৰ অভিশপ্ত অগ্নিকুণ্ড । বাঘজানৰ BGR,5 No তৈল খাদৰ পৰা অহৰহভাৱে নিৰ্গত হোৱা বিষাক্ত গেছৰ ফলত সমগ্ৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত পৰিছে ইয়াৰ তীব্ৰ প্ৰভাৱ । তামোল ,কমলা নাৰিকলকে ধৰি বিভিন্ন ফলমূলৰ গছত গুটি ধৰিছিল যদিও এইসমূহ পৈনত হবলৈ নৌ পাওঁতেই দমে দমে সৰি পৰিছে এই সমূহ । ইয়াৰ মূল কাৰণ বৰ্তমানলৈকে জ্ঞাত হোৱা নাই যদিও বাঘজানৰ জুই আৰু বিশাক্ত গেছৰ প্ৰভাৱত এইদৰে বিনস্ত হোৱা বুলি সকলোৱে একেমুখে ক’ব বিচাৰে । কিয়নো বিৰ্গত বছৰ সমূহত এনেকুৱা দৃশ্য কেতিয়াও দেখিবলৈ পোৱা নগৈছিল বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ কমলা খেতিৰ লগত জড়িত কৃষক সকলে ৷

উল্লেখ্য যে, ১৯৫০ চনৰ বৰ ভূইকপৰ পাছৰ সময়ছোৱাৰ পৰাই বাৰেকুৰিৰ যদুনাথ চুতীয়াৰ লগতে অঞ্চলটোৰ বহু কৃষকে বহল ভিত্তিত কমলা খেতি কৰি ইয়াৰ পৰাই বছৰি উপাৰ্জন কৰি আহিছিল লক্ষাধিক টকা । কিন্তু এইবাৰ কোনো কালে নেদেখা এক দৃশ্য পৰিলক্ষিত হৈছে এই কমলা খেতিৰ ওপৰত ৷ আকস্মিক ভাৱে অপৈনত অৱস্থাতে গছৰ পৰা সৰি পৰিছে কমলাবোৰ । সমান্তৰালকৈ বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চল বাৰেকুৰি, নতুন গাঁও, গুইজানকে ধৰি বিভিন্ন গাঁও সমূহতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে ৷

এনে পৰিস্থিতিত সম্প্ৰতি এই সকল কমলা খেতিয়কৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। সমান্তৰালকৈ বিপদ নামি আহিছে আন সকল কৃষকৰ ক্ষেত্ৰতো ৷ এতিয়া পৰ্শ্ন হয় কৃষকৰ এনে দুৰ্যোগৰ সময়ত চৰকাৰ অথবা অইল ইণ্ডিয়া কতৃপক্ষই লবনে কোনো বিহিত ব্যৱস্থা ? এতিয়া এই সকল লোকে আশাৰে বাট চাইছে চৰকাৰৰ সু-দৃষ্টিলৈ ৷ কৃষকৰ এনে এক কৰুণ দুৰ্যোগৰ সময়ত চৰকাৰ অথবা অইল কৰ্তৃপক্ষৰ অকমান সহাঁৰি অথবা সু-দৃষ্টি পৰিবনে সেয়া হে হৈছে মন কৰিব লগীয়া।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.