মৰিয়নী, 25 মেঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ইমদাদুল হুছেইনে ৷ মৰিয়নিৰ ২নং ৱাৰ্ড নিজৰাপাৰৰ নিবাসী ৰফিকুল হুছেইন আৰু জেচমিনা বেগমৰ পুত্ৰ ইমদাদুলে নিজৰ সাফল্যক লৈ বহুত সুখী বুলি উল্লেখ কৰে ৷
তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ছাত্ৰ ইমদাদুলৰ পিতৃ পেছাগতভাৱে এগৰাকী গাড়ীচালক ৷ কিন্তু নিজ পিতৃক লৈ সদায়ে আশাবাদী আছিল পুত্ৰ ইমদাদুল ৷ বিজ্ঞান শাখাত ষষ্ঠ স্থানেৰে মৰিয়নীলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰজনৰ কৃতিত্বত উৎফুল্লিত হৈ পৰিছে মৰিয়নীবাসী ৷ ইমদাদুলে সৰ্বমুঠ 472 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইংৰাজীত 93,ঐচ্ছিক ইংৰাজীত 98,পদাৰ্থ বিজ্ঞানত 93,পৰিসংখ্যা বিজ্ঞানত 97, গণিতত 91 আৰু ৰসায়ন বিজ্ঞানত 87 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷