তিনিচুকীয়া,1 মে’: নৈশ সান্ধ্য আইনৰ সুযোগ লৈ শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত চুৰি-ডকাইতি কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে । তেনে সময়তে একাংশ তেল চোৰে অইল ইণ্ডিয়াৰ তেলৰ পাইপ কাটি তেল চুৰি কৰা কাৰ্য পোহৰলৈ আহিছে । তিনিচুকীয়াৰ মাকুমস্থিত ৩৭ নং ঘাইপথৰ সমীপৱৰ্তী শুকানপুখুৰীত বাৰেকুৰি তেলখাদৰ পৰা অহা মাকুমৰ অইলৰ এইছ এন ই পইণ্টৰে যোৱা ক্ৰুড অইলৰ পাইপ ফুটা কৰি শুকান পুখুৰীৰ ওচৰত চোৰে তেল ভৰোৱাৰ সময়তে এক গোপন তথ্যৰ আধাৰত অইলৰ নিৰাপত্তা বাহিনীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ এখন টেংকাৰ জব্দ কৰে ।
জব্দ কৰা AS 09 AC 3087 নম্বৰৰ টেংকাৰখন তিনিচুকীয়া থানালৈ নিয়ে আৰক্ষীয়ে ৷ অৱশ্যে পলায়ন কৰাৰ বাবে তেল চুৰ আৰু গাড়ী চালকক আটক কৰিবলৈ সক্ষম নহয় আৰক্ষী । উল্লেখযোগ্য যে, ঘাইপথৰ কাষত এইদৰে অইল ইণ্ডিয়াৰ তেল চুৰি কৰা কাৰ্যই আশ্চৰ্যৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ৷
লগতে পঢ়ক : ৰিতুল শইকীয়াৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল