ETV Bharat / state

তিনিচুকীয়াত তেলৰ চোৰাং বেহা অব্যাহত থকাৰ অভিযোগ - tinsukia

উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বাণিজ্যিক চহৰ তিনিচুকীয়াত চোৰাং তেলৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰিছে তিনিচুকীয়া জিলা যুৱ ছাত্ৰ পৰিষদে ৷

তেলৰ চোৰাং বেহা
তেলৰ চোৰাং বেহা
author img

By

Published : Oct 9, 2020, 8:56 PM IST

তিনিচুকীয়া, 9 অক্টোবৰ: তিনিচুকীয়াত চোৰাং তেলৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰিছে ভিন্নজনে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বাণিজ্যিক চহৰ তিনিচুকীয়াৰ একাংশ ব্যৱসায়ীয়ে তেলৰ চোৰাং বেহাৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা ধন ঘটি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ বৃহস্পতিবাৰে এখন চোৰাং তেলৰ টেংকাৰ জব্দ কৰে তিনিচুকীয়া জিলা যুৱ ছাত্ৰ পৰিষদে ৷ তিনিচুকীয়াৰ হিজুগুৰী আৰক্ষী চকীৰ নিচেই কাষতে থকা উৰণীয়া সেঁতুৰ ওপৰত দীৰ্ঘদিনৰ পৰা চোৰাং তেলৰ বেহাৰ লগতে, জুৱা খেল অব্যাহত থকাৰ কথা প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

তিনিচুকীয়াত তেলৰ চোৰাং বেহা অব্যাহত থকাৰ অভিযোগ

সংগঠনটোৰ অভিযোগ অনুসৰি, তেওঁলোকে সমগ্ৰ বিষয়টো প্ৰশাসনক অৱগত কৰিও কোনো ধৰণৰ সুফল পোৱা নাই ৷ ৰণি পাল নামৰ এজন লোকৰ বিৰুদ্ধে সংগঠনটোৱে উত্থাপন কৰিছে এনে অবৈধ কামৰ অভিযোগ ৷ ছাত্ৰ সংগঠনটোৰ দাবী অতি শীঘ্ৰেই যদি প্ৰশাসনে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে তেওঁলোকে নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: যৌতুক বিচাৰি পত্নীক অত্যাচাৰ : ৰঙাঘৰত স্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.