ETV Bharat / state

Illegal land mining: অবৈধ খননৰ বাবেই এজনে হেৰুৱালে প্ৰাণ - Death news of Makum

মাটি মাফিয়াৰ অবৈধ খননৰ বাবেই প্ৰাণ হেৰুৱালে হেবেদাৰ এজন লোকে (Illegal mining of land mafia)। প্ৰায় ২০ ফুট গভীৰ গাঁতত পৰি অকাল মত্যুক লৈ প্ৰতিক্ৰিয়া ।

Land Mafia terror in Tinsukia
অবৈধ খননৰ বাবেই মৃত্য়ু
author img

By

Published : Mar 30, 2023, 9:06 PM IST

অবৈধ খননৰ বাবেই মৃত্য়ু

তিনিচুকীয়া, ৩০ মাৰ্চ:তিনিচুকীয়া জিলাখনত অবৈধ কাৰ্যকলাপে চৌপাশ আৱৰি ধৰিছে (Land Mafia terror in Tinsukia) ৷ অবৈধভাৱে মাটি, পলস খনন কৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পিছতো জিলা প্ৰশাসন কিম্বা বন বিভাগে সম্পূৰ্ণ নীৰৱ হৈ আছে ৷ তিনিচুকীয়াৰ কাষৰীয়া প্ৰায়সংখ্যক গ্ৰামাঞ্চলেই ইতিমধ্যে মাটি মাফিয়াৰ কবলত পৰিছে ৷ যাৰ ফলত বাট পথ বিধ্বস্ত হোৱাৰ লগতে নষ্ট হৈছে খেতি পথাৰ, ধবংস হৈছে চাহ বাগিচা ৷ বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত খান্দি মাটি লৈ যোৱাৰ ফলত সৃষ্টি হোৱা গাঁতত পৰি বহু শিশু, লোকৰ মৃত্যুও হৈছে ৷ হেবেদাৰ তেনে দ’ গাঁতত পৰি এজন লোকৰ মৃত্য়ু হয় (Tragic incident at Tinsukia)।

ইয়াৰ পাছতো নীৰৱ আৰক্ষী, জিলা প্ৰশাসন কিম্বা বন বিভাগ ৷ ঘটনা অনুসৰি যোৱা সোমবাৰৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছিল হেবেদাৰ পাঘা মাহাটু নামৰ লোকজন । নিৰুদ্দেশ হোৱাৰ পাছত পৰিয়াল আৰু স্থানীয় লোকে বিচাৰ খোচাৰ কৰি বিচাৰি নাপাই মাকুম আৰক্ষীক খবৰ দিয়ে (Death news of Makum)। তাৰ পাছত হেবেদাৰ তেনে মাটি খনন কৰি পেলাই ৰখা দ’ গাঁতৰ সমীপত কিছু সামগ্ৰী প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত আৰক্ষীক খৱৰ দিয়াত বৃহস্পতিবাৰে পুৱাই মাকুম আৰক্ষী উক্ত স্থানত উপস্থিত হৈ স্থানীয় লোক আৰু পৰিয়ালৰ লোকক লগত লৈ মাটি মাফিয়াই অবৈধ ভাবে খনন কৰা উক্ত পুখুৰীত অভিযান চলায় ।

আজি ৩ দিনৰ পাছত আজি আবেলি আৰক্ষীয়ে উদ্ধাৰ কৰে নিৰুদ্দেশ হোৱা লোকজনৰ মৃতদেহটো (Death Body recovered in Makum)। উল্লেখযোগ্য যে স্থানীয় লোক আৰু পৰিয়ালে অভিযোগ উত্থাপন কৰি কয় যে কিছুমাহ পূৰ্বে উক্ত স্থানৰ কিছু দালালৰ লগ হৈ মাটি মাফিয়াই চলাইছিল অবৈধ খনন । একাংশ স্থানীয় দালাল আৰু মাটি মাফিয়াৰ বাবেই অকাৰ মৃত্যুক সাৱতি লৈছে সাধাৰণ লোকে ।

লগতে পঢ়ক:Porn watching in Assembly: বিধানসভাৰ ভিতৰত অশ্লীল ভিডিঅ’ চোৱাত ব্যস্ত এগৰাকী বিজেপি বিধায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.