তিনিচুকীয়া, 9 জুলাই : তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত সেনাচাউনীৰ সমীপৰ এখন দলঙৰ ৰেলিঙত উদ্ধাৰ হয় IED ৷ জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় 2 বজাত IED সন্দৰ্ভত তথ্য লাভ কৰে সেনাই ৷ বৃহস্পতিবাৰে পুৱাই দলঙৰ ৰেলিঙৰ পলিথিন বেগত ওলমাই থোৱা অৱস্থাত দিনজানৰ বোমা বিশেষজ্ঞ দলে উদ্ধাৰ কৰে IED টো ৷
ইতিমধ্যে সেনা-আৰক্ষীয়ে বন্ধ কৰি দিছে লেখাপানীৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । ইপিনে শেহতীয়া পৰিস্থিতিত IED উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ওপৰত কোনে এইদৰে IED সংস্থাপিত কৰিছিল সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই ৷ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে ৷
![lekhapani](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tsk-02-ied-recover-exclusive-7203862_09072020115620_0907f_1594275980_528.jpg)
লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ মহিলা