ETV Bharat / state

শদিয়াত সংকল্প দিৱস উদযাপন

author img

By

Published : Feb 11, 2021, 12:45 PM IST

বুধবাৰে কাকপথাৰত জাতীয় শ্বহীদসকলৰ স্মৃতিত সংকল্প দিৱস পালন কৰা হয় ৷ সংকল্প দিৱসত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃবৃন্দ ৷

শদিয়াত উদযাপন সংকল্প দিৱস
শদিয়াত উদযাপন সংকল্প দিৱস

শদিয়া,11 ফেব্ৰুৱাৰী: সমগ্ৰ অসমকে জোকাৰি গৈছিল ২০০৬ চনৰ কাকপথাৰৰ ঘটনাই ৷ ২০০৬ চনৰ অজিৎ মহন্তৰ হত্যাকাণ্ডৰ ভয়াৱহতা আজিও মাৰ যোৱা নাই ৷ বুধবাৰে কাকপথাৰত জাতীয় শ্বহীদ সকলৰ স্মৃতিত সংকল্প দিৱস পালন কৰা হয় ৷ সংকল্প দিৱসত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃবৃন্দ ৷

উল্লেখ্য যে, ভাৰতীয় সেনাৰ ১৩ নং গোৰ্খা ৰেজিমেণ্টৰ এটা দলে বৰডুমছা থানাৰ অন্তৰ্গত ডিৰাক সোণজানৰ দুটি সন্তানৰ পিতৃ ২৩ বছৰীয়া অজিৎ মহন্তক ২০০৬ চনৰ ৪ ফেব্ৰুৱাৰীত আটক কৰি হত্যা কৰিছিল ৷ ৬ ফেব্ৰুৱাৰীত পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত মৃতদেহ ঘূৰাই দিয়ে পৰিয়ালক ৷ এই কাৰ্যৰ প্ৰতিবাদত স্থানীয় ৰাইজে ৭ ফেব্ৰুৱাৰীত অজিৎ মহন্তৰ হত্যাৰ ন্যায় বিচাৰি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ এই বিক্ষোভ কাৰ্যসূচীয়েও গা লৰাব পৰা নাছিল চৰকাৰৰ ৷ ফলত ১০ ফেব্ৰুৱাৰীত প্ৰায় 50 হাজাৰৰো অধিক প্ৰতিবাদী ৰাইজে কাকপথাৰত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷

শদিয়াত উদযাপন সংকল্প দিৱস
শদিয়াত উদযাপন সংকল্প দিৱস

কিন্তু সেই সময়ত প্ৰতিবাদী ৰাইজৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী প্ৰশাসন ৷ কাকপথাৰ ওপৰ-ওৱন গাঁৱত নিৰাপত্তাৰক্ষীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ৯ জনকৈ নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাইছিল ৷ লগতে বহু ব্যক্তি চিৰদিনৰ বাবে পংগু হৈ পৰিছিল ৷ ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত হোৱাসকল ক্ৰমে মাধুৰ্য গোঁহাই, দীপন মৰাণ, অনিন্দিতা মুণ্ডা, বিউতী গোঁহাই, কুঞ্জলতা মৰাণ, পখিলী বৰা, ৱাহিদা আহমেদ আৰু গোলাপ বাইলুং ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন দল-সংগঠনে সেই সময়ত মৃত লোকসকলক জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্য চৰকাৰে শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ এটা চৰকাৰী চাকৰি আৰু আহত সকলক এককালীন সাহায্য আগবঢ়ালে ৷ কিন্তু বৰ্তমান পাহৰণিৰ গৰ্ভত এই শ্বহীদসকল ৷ বৰ্তমান শ্বহীদ বেদীসমূহৰ অৱস্থাও একেবাৰে জৰাৰ্জীণ ৷ ১৫ বছৰ অতিক্ৰম কৰাৰ সময়তে জাতীয় শ্বহীদসকলক স্মৰণ কৰিলে দল-সংগঠনৰ কেইগৰাকীমান নেতাই ৷ এইসকল শ্বহীদ এতিয়া পহৰণিৰ গৰ্ভত ৷ শ্বহীদ বেদীসমূহ ভালকৈ নিৰ্মাণ কৰি তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক : অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.