ETV Bharat / state

Ambassador stand in Tinsukia : ৰাজপথৰ ৰজাৰ পিঠিত তিনিচুকীয়াবাসীৰ চফৰ - Ambassador Cars still runing in Assam

আপোনাৰ বাৰু মনত আছেনে তাহানিৰ ৰাজপথৰ ৰজাক ? তাহানিৰ সেই ৰাজপথৰ ৰজা আজিও ঘূৰে তিনিচুকীয়াৰ বিভিন্ন স্থানত ৷ আপোনাৰ যদি তাহানিৰ সেই ৰাজপথৰ ৰজাৰ পিঠিত উঠিবলৈ মন যায়, তেন্তে যাব লাগিব তিনিচুকীয়ালৈ ৷ আজিৰ এই প্ৰতিবেদন ৰাজপথৰ সেই ৰজাক লৈ ৷

Ambassador stand in Tinsukia
ৰাজপথৰ ৰজাখ্যাত বাহন এম্বাছেডৰ
author img

By

Published : Aug 18, 2023, 3:18 PM IST

Updated : Aug 19, 2023, 12:41 PM IST

ৰাজপথৰ ৰজাখ্যাত বাহন এম্বাছেডৰ

তিনিচুকীয়া, ১৭ আগষ্ট : ৰাজপথৰ এখন বিশেষ বাহন ৷ যাৰ মাদকতা আজিও সুকীয়া ৷ এটা সময়ত বিলাসী বাহন বুলিলেই সকলোৰে চিনাকি আছিল এখনেই বাহন ৷ মন্ত্ৰী-আমোলা সকলোৱে ব্যৱহাৰ কৰিছিল এই বাহন ৷ যিখন বাহনক কোৱা হৈছিল ৰাজপথৰ ৰজা বুলি ৷ আমি উল্লেখ কৰা এসময়ৰ ৰাজপথৰ ৰজাখ্যাত বাহনখন হৈছে এম্বাছেডৰ ৷ হিন্দুস্তান মটৰ্চৰ এম্বাছেডৰ ৷

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তকে আদি কৰি তেনে অধিকাংশ VVIP য়েই ব্যৱহাৰ কৰিছিল এম্বাছেডৰ গাড়ী । ভাৰতবৰ্ষতে নিৰ্মাণ কৰা এম্বাছেডৰৰ প্ৰথমটো কাৰখানা আছিল গুজৰাটত ৷ ১৯৫৭ চনত প্ৰথমে হিন্দুস্তান মটৰ্চে এম্বাছেডৰ নিৰ্মাণ কৰিছিল আৰু তেতিয়াৰ মূল্য আছিল ১৪ হাজাৰ টকা ৷

সেই এম্বাছেডৰ ভাৰতৰ প্ৰথমখন ডিজেলচালিত গাড়ী আছিল ৷ গাড়ীখনৰ ভিতৰ ভাগ আহল-বহল হোৱাৰ লগতে বেয়া পথটো বিনাদ্বিধাই সুন্দৰকৈ পাৰ হৈ গৈছিল ৷ যাৰ অনুভৱ কৰিব নোৱাৰিছিল আৰোহীয়ে ৷ এনে দিন আহিছিল যে ক’লা ৰঙৰ এম্বাছেডৰৰ ওপৰত লাইট লগা মানেই আৰক্ষী বিষয়া আৰু বগা ৰঙৰ এম্বাছেডৰৰ ওপৰত লাইট লগা গাড়ী মানেই মন্ত্ৰী-বিধায়ক গৈছে বুলি সকলো জানিছিল ৷

পৰৱৰ্তী সময়ত এম্বাছেডৰৰ ৬০ শতাংশ গাড়ী চৰকাৰী বিষয়াৰ বাবে ক্ৰয় কৰিব লগা হৈছিল ৷ কিন্তু ২০১৪ চনত কিছু কাৰিকৰী তথা বিভিন্ন সমস্যাৰ কাৰণে মাত্ৰ ৮০ কোটি টকাতে হিন্দুস্তান মটৰ্চক গৰাকীয়ে বিক্ৰী কৰিব লগা হৈছিল বিদেশী প্ৰতিষ্ঠানক ৷ আৰু সেয়াই আছিল এম্বাছেডৰৰ সামৰণি ৷

কাৰখানা বন্ধ হ’ল, নিৰ্মাণকাৰ্য বন্ধ হ’ল যদিও কিন্তু ৰাজপথত আজিও বন্ধ হোৱা নাই এসময়ৰ ৰাজপথৰ ৰজাৰ দৌৰাত্ম ৷ এইখন অসমৰেই তিনিচুকীয়া জিলাৰ ন-পুখুৰীত ১৯৭০ চনৰ পৰা আছে এম্বাছেডৰৰ এটা ষ্টেণ্ড ৷ যিটো ষ্টেণ্ডৰ পৰা তিনিচুকীয়া-দুলীয়াজানৰ যাত্ৰীসকলে লৈ আছে এম্বাছেডৰৰ মাদকতা ।

পে’ট্ৰল আৰু ডিজেল দুয়োবিধ ইন্ধনৰে চালিত ২০ খনকৈ এম্বাছেডৰ আছে উক্ত ষ্টেণ্ডটোত ৷ মন্তু শ্বাহ, প্ৰদীপ গপ, পংকজ শৰ্মা, পাপ্পু সিং, উত্তম সৰকাৰ, ৰাজু সিং, শিবু চক্ৰৱৰ্তীৰ দৰে ২০ গৰাকী লোকে এই এম্বাছেডৰসমূহ জীয়াই ৰখাৰ লগতে এম্বাছেডৰৰ জৰিয়তে চলাই আহিছে পৰিয়াল ৷

এজন যাত্ৰীয়ে বৰ্তমান ৮০ টকা ভাড়া দিয়েই উপভোগ কৰি আছে এসময়ৰ VVIP ৰ মাদকতা ৷ কিন্তু পেট্ৰ’লৰখনে প্ৰতি লিটাৰত ১২ কিলোমিটাৰ আৰু ডিজেলৰখনে প্ৰতি লিটাৰত ১৫ কিলোমিটাৰ যোৱাৰ বাবে কিছু খৰচৰ পৰিমাণটো বাঢ়ে ৷ তিনিচুকীয়া-দুলীয়াজান ২৪ কিলোমিটাৰ পথ যদিও পথটোত ৫২ টাকৈ স্পীড বেকাৰ আৰু দুখনকৈ ৰে’লগেট আছে ৷

যাত্ৰীসকলে এম্বাছেডৰত যাত্ৰা কৰি ভাল পায় যদিও গাড়ীৰ কিছুমান সজুঁলি বেয়া হ’লে তিনিচুকীয়াত পাবলৈ অসুবিধা হয় যাৰ কাৰণে পশ্চিম বংগৰ পৰাও আনিব লগা হয় ৷

লগতে পঢ়ক : ETV Interview: অভিলেখ সৃষ্টি কৰা ‘‘শ্ৰী ৰঘুপতি’’ৰ প্ৰযোজকৰ মনৰ কথাৰে

Last Updated : Aug 19, 2023, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.