ডুমডুমা, 16 নৱেম্বৰ: খাদ্যৰ সন্ধানত ডুমডুমাৰ বাইপাছলৈ ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকে আতংকিত কৰিছে বাইপাছেৰে যাতায়ত কৰা লোকক ৷ দেওবাৰে সন্ধিয়া ডুমডুমাৰ চামডাং চাহ বাগিছাৰ সমীপৰ বাইপাছত বন্যহস্তীৰ বৃহৎ জাকটো ওলাই অহাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷
![খাদ্যৰ সন্ধানত পোৱালী সহ বন্যহস্তীৰ জাকটো ওলাই অহাৰ সন্দেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9554781_image_doomdooma.jpg)
কেবাটাও পোৱালীসহ এনেদৰে ওলাই অহা বন্যহস্তীৰ জাকটো খাদ্যৰ সন্ধানতেই দুৱাৰমৰা বনাঞ্চলৰ পৰা ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ মন কৰিব লগীয়া কথাটো এইয়ে যে তিনিচুকীয়া জিলাৰ বনাঞ্চলসমূহত অবাধ হাৰত চলা বনধ্বংসৰ ফলশ্ৰুতিতে বন্যহস্তী সমূহ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈ ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়ক: বন্যহস্তীৰ বাবে সৰহ সংখ্যক কলগছৰ পুলি যোগান