ETV Bharat / state

তিনিচুকীয়াৰ হাপজান আঞ্চলিক পঞ্চায়তৰ সভাপতি পদৰ পুনৰ নিৰ্বাচন

author img

By

Published : Aug 27, 2021, 12:30 PM IST

ডিগবৈ সমষ্টিৰ অন্তৰ্গত মাকুম হাপজান আঞ্চলিক পঞ্চায়তৰ সভাপতি নতুনকৈ নিৰ্বাচন কৰা হয় । সৰ্বাধিক সংখ্যক সদস্যই চিত্ৰা মজুমদাৰ বৰাৰ পক্ষত ভোট প্ৰদান কৰে । পৰাজিত জয় কিষান গোৱালাৰ গুৰুতৰ অভিযোগ তিনিচুকীয়াৰ দুই বিধায়কৰ বিৰুদ্ধে ।

election
তিনিচুকীয়াৰ হাপজান আঞ্চলিক পঞ্চায়তৰ সভাপতি পদৰ পুনৰ নিৰ্বাচন

তিনিচুকীয়া, ২৭ আগষ্ট : বিগত ৭ মাহে খালী হৈ আছিল তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত মাকুম হাপজান আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ পদটো । যাৰ বাবে পঞ্চায়তৰ উন্নয়নমূলক কাম-কাজসমূহো বন্ধ হৈ আছিল । অৱশেষত পুনৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচিত কৰা হয় পঞ্চায়ত খনৰ সভাপতি । অনাস্থাৰ প্ৰস্তাৱ অনাৰ বাবে দীৰ্ঘদিন ধৰি খালী হৈ আছিল সভাপতিৰ পদটো ।

বৃহস্পতিবাৰে পঞ্চায়তৰ ১৬ জনীয়া আঞ্চলিক সদস্যই ডুমডুমা চক্ৰ বিষয়া সুদর্শনা শৰ্মা আৰু তিনিচুকীয়া জিলা পৰিষদৰ উপ সভানেত্ৰী হিৰণ্য দেৱী বৰুৱাৰ উপস্থিতিত মাকুম হাপজান আঞ্চলিক ভৱনত এক নিৰ্বাচনী সভাৰ আয়োজন কৰে । এই নিৰ্বাচনী সভাতে হাপজান আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী চিত্রা মজুমদাৰ বৰা আৰু জয় কিষান গোৱালাই সভাপতিৰ পদটোৰ বাবে প্ৰতিনিধিত্ব কৰে ।

চিত্রা মজুমদাৰ বৰাই মুঠ ১৬ টা ভোটৰ বিপৰীতে ৪ টা ভোটত জয় লাভ কৰি সভাপতিৰ পদটো দখল কৰিবলৈ সক্ষম হয় ।

আনফালে পৰাজিত জয় কিষান গোৱালা । লক্ষণীয়ভাৱে পৰাজয়ৰ পাছকে ডুমডুমা আৰু ডিগবৈ সমষ্টিৰ বিধায়ক ক্ৰমে ৰূপেশ গোৱালা (Rupesh Gowala) আৰু সুৰেণ ফুকনৰ (Suren Phukan) বিৰুদ্ধে সৰৱ হৈ পৰে জয় কিষান গোৱালা । জয় কিষান গোৱালাৰ অভিযোগ নিজ দলৰে কৰ্মীক পৰাজিত কৰিবলৈ পঞ্চায়ত খনৰ ৱাৰ্ড সদস্য-সদস্যাসকলক দাবী ধমকি দিছে বিধায়ক দুজনে । টকা পইচাৰেও সদস্যসকলক প্ৰলোভন দিছে বুলি অভিযোগ কৰিছে জয় কিষানে ।

লগতে পঢ়ক :বাগিচাত চাহ শ্ৰমিকে আটক কৰিলে দুটাকৈ ড্ৰাগছ সেৱনকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.