তিনিচুকীয়া, ৪ চেপ্তেম্বৰ : উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা ৷ ৰাজনৈতিক আশিষধন্য এচাম স্বয়ম্ভু নেতাৰ চত্ৰছায়াত মাৰ্ঘেৰিটাৰ নামদাং, বৰগোলাই, লিডুৰ চিনাবস্তি, নামটক, জৰ্ণাবস্তি, মোলং, টেলখাতবস্তি, টিৰাপ ৬ নং আদি অঞ্চলত কয়লাৰ অবৈধ বেহা চলি থকাৰ তথ্য পোৱা গৈছে ৷ চৰকাৰ তথা মাৰ্ঘেৰিটা লিডু আৰক্ষী প্ৰশাসনৰ চৰম সোপাঢিলা নীতিৰ বাবে কয়লা মাফিয়াই চৰম সীমা চেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷
কোন আৰক্ষী ! কোন প্ৰশাসন ? সকলোকে অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি এচাম কয়লা চোৰে লিডুৰ বিভিন্ন স্থানত অবৈধভাৱে গঢ়ি তুলিছে কয়লাৰ বহু অবৈধ খনি ( খাদান ) ৷ বিভিন্ন পক্ষক মেনেজ কৰি কয়লা চোৰে কয়লাৰ বৃহৎ চিণ্ডিকেট গঢ়ি তুলাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ বিভিন্ন সময়ত অবৈধভাৱে গঢ়ি উঠা কয়লা খনি সমূহত ভূমিস্খলন তথা মিথেইন গেছ নিৰ্গত হৈ বহু শ্ৰমিকৰ মৃত্যু হয় ৷
ইয়াৰ সমান্তৰালকৈ কয়লা কঢ়িয়াবলৈ যাওঁতে পাহাৰৰ দুৰ্গম এলেকাৰ পৰা পৰি বহু শ্ৰমিকৰ মৃত্যু হয় ৷ তাৰে বহু দুৰ্ঘটনা গোপনে কয়লা মাফিয়াই গাপ দি ৰাখিবলৈ চেষ্টা চলাই যদিওঁ একাংশ ঘটনা পোহৰলৈ আহে ৷ তেনে এক ঘটনা পুনৰ সংঘটিত হয় লিডুৰ কয়লাখনিত ৷ সোমবাৰে লিডুৰ টিৰাপ কলিয়ৰীত কয়লা খনন কৰিবলে গৈ পুনৰ মৃত্যুক আঁকোৱালি লয় এজন শ্ৰমিকে ৷ শ্ৰমিকজন বৰডুমছাৰ জনৈক সুৰজ বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ মৃতদেহ স্থানীয় একাংশ ব্যক্তিয়ে প্ৰত্যক্ষ কৰাৰ পাচতেই চাঞ্চল্যকৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷
লিডুৰ কয়লা খনিত ইজনৰ পিচত সিজন শ্ৰমিক মৃত্যু হয় যদিও বহু ঘটনা গাপ দিবলৈ চেষ্ঠা কৰে কয়লা মাফিয়াই ৷ লিডুৰ ভিন্ন অঞ্চলত এফালে যদি চলি আছে কয়লা মাফিয়াৰ দপদপনি আনফালে কিন্তু কয়লা শ্ৰমিকৰ ৰহস্যজনক মৃত্যুয়ে বহু ৰহস্য ফাদিল কৰিছে ৷ লিডুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু এইয়া প্ৰথম ঘটনা নহয় যদিও আৰক্ষীৰ নীৰৱ ভুমিকাক সমালোচনা কৰিছে সচেতন মহলে ৷ লিডু আৰক্ষীৰ নিষ্ক্ৰিয় ভুমিকাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ বহুজনৰ ৷
ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লিডু আৰক্ষী চকীৰ এলেকাধীন অঞ্চলৰ টিৰাপ কলিয়ৰীৰ সমীপৰ লালমাটিত উৱলি যোৱা মৃতদেহটো উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
অন্যহাতে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকনক কয়লা চোৰে মেনেজ দি অঞ্চলটোত ব্যাপক ৰূপত কয়লাৰ বেহা চলাব ধৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পাপু দত্তই ৷ গুৰুত্বপূৰ্ণ বিষয় যে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰা বুলি দম্ভালি মাৰি আহিছে তেনে সময়তে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত কেনেদৰে কয়লাৰ এনে বৃহৎ চিণ্ডিকেট গঢ়ি তুলিছে একাংশই সেয়া ৰহস্যৰ আৱৰ্তত ৷
কিছুদিন পূৰ্বে লিডু টিৰাপ কয়লা খনিত কয়লা শ্ৰমিক প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ খবৰে চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এইদৰে কয়লখনিত শ্ৰমিক মৃতদেহ উদ্ধাৰে লিডু টিৰাপ, টিকক আদি পাহাৰক মৃত্যু উপত্যকালৈ পৰিণত কৰাৰ বিপৰীতে আৰক্ষী প্ৰশাসনৰ মৌনতাই স্বাভাৱিকতে কয়লা চিণ্ডিকেটক অধিক সাৰ-পানী যোগাৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত জাতীয় দল সংগঠন, মানৱ অধিকাৰ সংস্থাসমূহক অধিক সক্ৰিয় হ’বলৈ আহ্বান জনাইছে সচেতন মহলে।