ETV Bharat / state

লিডুত লক্ষাধিক টকাৰ গুটখা জব্দ

author img

By

Published : Jun 16, 2021, 10:00 PM IST

বুধবাৰে লিডুত এখন বাহনৰ পৰা কেইবালাখ টকাৰ গুটখা জব্দ আৰক্ষীৰ ৷ বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতি আৰু সংগ্ৰামী যুৱ মঞ্চই গোপন সূত্ৰৰ পম খেদি গুটখা ব্যৱসায় সন্দৰ্ভত অৱগত হয় আৰু আৰক্ষীক খবৰ দিয়ে ৷

gutkha seized in ledo
লিডুত গুটখা জব্দ

মাৰ্ঘেৰিটা,16 জুন : ক’ভিড (Covid) মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত দিনৰ 2 বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰিছে ৰাজ্য চৰকাৰে । কিন্তু চৰকাৰৰ এই নিৰ্দেশক অমান্য কৰি একাংশ দুষ্ট প্ৰকৃতিৰ লোকে গুটখাজাতীয় সামগ্ৰীৰ বেহা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷

লিডুত গুটখা জব্দ

তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বুধবাৰে জব্দ হৈছে কেইবালাখ টকাৰ গুটখা (Gutkha) ৷ নিশা সান্ধ্য আইনৰ সুযোগ লৈ তিনিচুকীয়াতো একাংশ গুটখা ব্যৱসায়ীয়ে প্ৰশাসনৰ নিৰ্দেশ নামানি গুটখাৰ চোৰাং বেহা অব্যাহত ৰাখিছে ।

বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতি আৰু সংগ্ৰামী যুৱ মঞ্চই গোপন সূত্ৰৰ জৰিয়তে উমান পাই লিডু আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ পাচতে গুটখাসহ A-AS-23-AC-2857 নম্বৰৰ এখন মেক্স বাহন জব্দ কৰে আৰক্ষীয়ে ৷ বাহনখনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ধেমাজিত অবৈধ সুৰা-ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনলৈ আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.