ETV Bharat / state

ডুমডুমাত বৃহৎ পৰিমাণৰ গুটখা জব্দ

author img

By

Published : Jun 27, 2021, 10:01 AM IST

সন্তোষ সাহাই প্ৰথমাৱস্থাত ডুমডুমা আৰক্ষী (Doomdooma Police)ক জি এছ টি (GST) পৰিশোধ কৰি সকলো নিয়ম-নীতি অৱলম্বন কৰি ক্ৰয় কৰা সামান্য পৰিমাণৰ গুটখা দেখুৱাই যদিও আৰক্ষীয়ে ঘৰৰ কোঠাসমূহত তালাচী চলাই প্ৰায় এক ট্ৰাক গুটখা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

gutka-seize-at-dumduma-etv-bharat-assam
ডুমডুমাত বৃহৎ পৰিমাণৰ গুটখা জব্দ

শদিয়া, 27 জুন : ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)য়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ ডুমডুমা আৰক্ষী (dumduma Police)য়ে শনিবাৰে জিলাখনৰ শংকৰদেৱ কলনিত অভিযান চলাই বৃহৎ পৰিমাণৰ পান মচলা-জৰ্দা আদি গুটখাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে শংকৰদেৱ কলনিৰ সন্তোষ সাহা নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে নিচাযুক্ত সামগ্ৰীখিনি ৷

সন্তোষ সাহাই প্ৰথমাৱস্থাত ডুমডুমা আৰক্ষীক জি এছ টি (GST) পৰিশোধ কৰি সকলো নিয়ম-নীতি অৱলম্বন কৰি ক্ৰয় কৰা সামান্য পৰিমাণৰ গুটখা দেখুৱায় যদিও আৰক্ষীয়ে ঘৰৰ কোঠাসমূহত তালাচী চলাই প্ৰায় এক ট্ৰাক গুটখা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অতিৰিক্ত দণ্ডাধীশৰ নিৰ্দেশমৰ্মে জিলা খাদ্য সুৰক্ষা বিভাগক অৱগত কৰাত বিভাগীয় লোকে উপস্থিত হৈ সামগ্ৰীসমূহ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে ৷

ডুমডুমাত বৃহৎ পৰিমাণৰ গুটখা জব্দ

সন্তোষ সাহাই আৰক্ষীৰ আগত ক’ৰণা মহামাৰীৰ বাবে জিলাখনত লকডাউন হোৱাৰ সম্ভাৱনাক লক্ষ্য কৰি এই বৃহৎ পৰিমাণৰ গুটখা জাতীয় সামগ্ৰী মজুত কৰাৰ কথা স্বীকাৰ কৰে ৷

লক্ষ্যণীয় বিষয় যে, ক’ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ লোৱা সময়চোৱাত একাংশ লোকে কেৱল মুনাফা অৰ্জনৰ উদ্দেশ্যেৰে নীতি বহিৰ্ভূতভাৱে গুটখাৰ দৰে বৰবিহৰ ব্যৱসায়ত নামি পৰা পৰিলক্ষিত হৈছে ৷ ডুমডুমাৰ আৰক্ষীৰ এনে পদক্ষেপক স্থানীয় দল-সংগঠন সমুহে শলাগ লোৱা দেখা গৈছে ৷ জব্দকৃত গুটখাখিনিৰ মূল্য এতিয়ালৈ নিৰূপণ কৰা হোৱা নাই যদিও প্ৰায় ১০ ৰ পৰা ১৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

উল্লেখ্য যে, অসমৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে অসম আৰক্ষী (Assam Police) হৈ পৰিছে ৷ শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধমূলক ঘটনা তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰে জিলা আৰক্ষী তথা প্ৰশাসন ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে অসম আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে বহু সৰবৰাহকাৰী ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷

লগতে পঢ়ক : আহুধানৰ খেতি কৰি আহুকালত ধেমাজিৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.