ETV Bharat / state

Hand grenade found in Tinsukia : হাপজান অ’ চি এছৰ সমীপৰ খেতুজান তিনিআলিত শক্তিশালী গ্ৰেনেড উদ্ধাৰ - লাংকাছি আৰক্ষী চকী

হাপজান অ’ চি এছৰ সমীপৰ খেতুজান তিনিআলিত উদ্ধাৰ এটা শক্তিশালী গ্ৰেনেড । আৰক্ষীৰ দল আৰু ডিগবৈৰ ভাৰতীয় সেনাৰ দল উপস্থিত হৈ গ্ৰেনেডটো পৰ্যবেক্ষণ কৰাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে ৷

Grenade Recovered from Oils Hapjan OCS in Tinsukia
গ্ৰেনেড উদ্ধাৰ
author img

By

Published : Aug 21, 2023, 7:47 PM IST

খেতুজান তিনিআলিত শক্তিশালী গ্ৰেনেড উদ্ধাৰ

তিনিচুকীয়া, 21 আগষ্ট : ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল হাপজান অ’ চি এছ ৰ সমীপৰ খেতুজান ৷ তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানা আৰু লাংকাছি আৰক্ষী চকীৰ অন্তৰ্গত হাপজান অ’ চি এছ ৰ সমীপৰ খেতুজান তিনিআলিত সোমবাৰে বিয়লি এটা শক্তিশালী গ্ৰেনেড উদ্ধাৰ কৰা হয় ৷ গ্ৰেনেডটো উদ্ধাৰ হোৱাৰ পাছতেই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি লাংকাছি আৰক্ষী চকীৰ অন্তৰ্গত মাকুম হাপজান অ’ চি এছ ৰ সমীপৰ খেতুজান তিনিআলিত সোমবাৰে বিয়লি প্ৰায় 3 বজাত এজন কিশোৰে ঢেকীয়া চিঙি থকাৰ সময়তে এটা পলিথিনৰ টোপোলা দেখা পাই টোপোলাটো উঠাই লয় আৰু টোপোলাটো খুলি কিশোৰ জনে সন্দেহজনক গ্ৰেনেডটো প্ৰত্যক্ষ কৰে ৷ কিশোৰজনে কথাটো সকলোকে অৱগত কৰাত আতংকিত হৈ অঞ্চলবাসীয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷

লগতে পঢ়ক : Indrani Tahbildar’s Death Case : চান্দমাৰী থানাত হাজিৰ বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা

পৰৱৰ্তী সময়ত ততাতৈয়াকৈ ঘটনাস্থলীত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ লগতে আৰক্ষীৰ দল আৰু ডিগবৈস্থিত ভাৰতীয় সেনাৰ এটা দল উপস্থিত হৈ গ্ৰেনেডটো পৰ্যবেক্ষণ কৰাৰ লগতে অনুসন্ধান অব্যাহত ৰাখে ৷ গ্ৰেনেডটো কোনে কি কাৰণত এনেদৰে হাপজান অ’ চি এছ সংযোগী পাইপ লাইনৰ কাষত ৰাখি গৈছিল এই সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো মুখ খোলা নাই ৷ যদিও সন্ধিয়া নমাৰ লগে লগে কাষৰীয়া অঞ্চলত আৰক্ষী তথা সেনাবাহিনীয়ে এক অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক : Minister Pijush Hazarika : গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থকৰ মাৰ-পিট চাবলৈ অপেক্ষাৰত পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.